মধ্যাহ্ন ভোজনৰ গণ্ডগোলৰ তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ; পূৰ্বৰ ব্যৱস্থা মতেই মধ্যাহ্ন ভোজন দি থকাৰো নিৰ্দেশ

মধ্যাহ্ন ভোজনৰ দায়িত্ব বেচৰকাৰী সংগঠনক দিয়াৰ পিছত সৃষ্টি হোৱা বিতৰ্ক আৰু অনুপযুক্ত খাদ্য দিয়াৰ অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই অভিযোগবোৰ অগ্ৰাহ্য কৰি অহাৰ সময়তে মুখ্য মন্ত্ৰীৰ এই নিৰ্দেশ তাৎপৰ্য্যপূৰ্ণ।

মুখ্য মন্ত্ৰীয়ে তদন্ত কৰি এমাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ কৈছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰধান সচিব বি আৰ চামালক।

চৰকাৰী বিজ্ঞপ্তিটোত লগতে তদন্তৰ সময়ছোৱাত পূৰ্বৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থা বিদ্যালয়সমূহত বাহাল ৰখাৰ বাবেও নিৰ্দেশ দিয়া হৈছে।

অৰ্থাৎ মধ্যাহ্ন ভোজন কৰ্মীসকলৰ দ্বাৰা এই ভোজন ব্যৱস্থা অব্যাহত ৰখাৰ নিৰ্দেশ দিছে।

যোৱা ১ নৱেম্বৰৰ পৰা বেচৰকাৰী সংগঠনে মধ্যাহ্ন ভোজন যোগানৰ ঠিকা পাইছিল যদিও ৰাজ্যত ইয়াক লৈ বিৰাট এটা গণ্ডগোলৰ সৃষ্টি হয়।

ৰাজ্যৰ প্ৰায় ১ লাখ ১৪ হাজাৰ ৰান্ধনী আৰু সহায়িকাৰ হাতৰ কাম কাঢ়ি লোৱা বুলি চৰকাৰৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনকৰ্মীসকলে প্ৰতিবাদ কৰি আহিছিল।

এই কৰ্মীসকলে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়বোৰত মাত্ৰ ১০০০ টকাৰ বেতনত মধ্যাহ্ন ভোজন ৰন্ধন আৰু বিতৰণৰ কাম কৰি আহিছিল।

সমগ্ৰ দেশৰ লগতে অসমতো এই কাম বেচৰকাৰী সংগঠনক ঠিকা দিয়া হয় যোৱা ১ নৱেম্বৰৰ পৰা।

এই ঠিকাদাৰী বেচৰকাৰী সংগঠনবোৰৰ কিছুটো দিল্লী বা অসমৰ বাহিৰৰ ক’ৰবাত ক’ৰবাত ব্লেকলিষ্টেড বুলি খবৰ প্ৰকাশ পাইছে।

আনহাতে বহু কেইঠাইত ঠিকাদাৰী সংগঠনবোৰে যোগান ধৰা খাদ্য অতি নিম্নমানৰ আৰু সেইবোৰত পোক-পৰুৱা, পঁইতাচোৰা আদি ওলোৱা বুলি অভিযোগ উঠিছে। কেইবাখনো জিলাত মধ্যাহ্ন ভোজনৰ খাদ্য খাই স্কুলীয়া ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাৰ বাতৰি প্ৰকাশ হৈছে।