• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বিদেশী” দুলাল পালৰ মৃতদেহ সন্দৰ্ভত আজিও সিদ্ধান্ত নহ’ল; মুখ্য মন্ত্ৰীৰ আহ্বানেও সেও মানব পৰা নাই পৰিয়ালক

আঁকোৰগোঁজ পৰিয়ালৰ ওচৰত মুখ্য মন্ত্ৰীৰ নতশিৰ! আহ্বান জনালে “বিদেশী” দুলাল পালৰ মৃতদেহ চমজি ল’বলৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 20, 2019 8:20 pm
Dulal Paul
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘোষিত বিদেশী হিচাপে ডিটেনশ্যন কেম্পত বন্দিত্বৰ মাজতে চিকিৎসাধীন অৱস্থাত যোৱা ১৩ অক্টোবৰত মৃত্যু হোৱা দুলাল পালৰ মৃতদেহ ৭ দিনেও পৰিয়ালে চমজি লোৱা নাই আৰু পৰিয়ালৰ আঁকোৰগোঁজ স্থিতি চৰকাৰৰ বাবে এটা উদ্বেগৰ বিষয় হৈছে।

বৃক্কজনিত আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ জি এম চি এইচ্ছত মৃত্যু হোৱা পালৰ মৃতদেহ এতিয়াও চিকিৎসালয়খনৰ মৰ্গতে পৰি আছে।

পৰিয়ালে মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ কৰি কৈছিল যে যদিহে তেওঁ বাংলাদেশী আছিল, চৰকাৰে মৃতদেহ বাংলাদেশলৈ প্ৰেৰণ কৰক।

দুলাল পালৰ ঘৰ আছিল শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ আলিচিঙা গাঁৱত আৰু ৬৫ বছৰীয়া পালক ২০১৭ চনৰ ১১ অক্টোবৰত আটক কৰি ডিটেনশ্যন কেম্পলৈ অনা হৈছিল। পৰিয়ালৰ মতে, তেওঁ মানসিকভাৱে সম্পূৰ্ণ সুস্থ নাছিল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৯ অক্টোবৰত বাঙালী সংগঠন বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিনিধি আৰু পালৰ এজন আত্মীয়ৰ সৈতে এখন বৈঠকত বহিছিল আৰু মৃতদেহটো চমজি ল’বলৈ অনুৰোধ জনাইছিল।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত বাঙালী সংগঠনটোৰ সভাপতি দীপক দেই জানিবলৈ দিয়ে, দুলাল পালৰ ১৯৬৫-ৰ ভূমি ক্ৰয় কৰা নথি আছে আৰু সেইবোৰ দেখুওৱাত মুখ্য মন্ত্ৰীয়ে ইয়াত কিবা এটা ভুল হৈছে বুলি স্বীকাৰ কৰে।

তাৰোপৰি পালৰ পৰিয়ালক ন্যায় দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱস্থা ল’ব বুলি মুখ্য মন্ত্ৰীয়ে আশ্বাস দিছে বুলি জানিবলৈ দিয়ে।

আজি বিয়লি ভাগত আলিচিঙাৰ ৰাইজ আৰু সংগঠনটোৰ সদস্য পৰিয়ালৰ সৈতে আলোচনাত মিলিত হৈছে বুলি তেওঁ জানিবলৈ দি কয় যে দুলাল পালৰ পৰিয়ালক গোটেই কথাখিনি বুজাই দিয়া হৈছে।

“বৰ্তমানো আলোচনা চলি আছে। সন্ধিয়া ৭ বজাতহে পৰিয়ালৰ লোকে তেওঁলোকৰ সিদ্ধান্ত জনাব”, দীপক দেই কয়।

মুখ্য মন্ত্ৰীৰে হোৱা বৈঠকত ডিটেনশ্যন কেম্পত বন্দী হৈ থকা বাঙালী লোকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভতো আলোচনা হয় বুলি তেওঁ জনায়।

“ডিটেনশ্যন কেম্পৰ পৰা প্ৰকৃত ভাৰতীয়সকলক উলিয়াই আনিবৰ বাবে এখন পৰ্য্যালোচনা সমিতি দাবী কৰিছো, মুখ্য মন্ত্ৰীয়েও এই কথা মানি লৈছে। যিসকলৰ বৈধ নথি-পত্ৰ আছে সেইসকলক যাতে ন্যায় দিব পাৰি তাৰ বাবে চৰকাৰে আলোচনা কৰিছে আৰু আমাৰ এই দাবীত সন্মতি দিছে।”

“ইপিনে, যিসকল লোক ৩ বছৰি ধৰি ডিটেনশ্যন কেম্পত বন্দী হৈ আছে, সেইসকলক চৰ্তাধীনভাৱে মোকলাই দিবৰ বাবে উচ্চতম ন্যায়ালয়ে যিটো ৰায় দিছিল সেই ৰায় ৰূপায়ণৰ বাবে অসমত কামখিনি হৈ উঠা নাই। তেজপুৰ ডিটেনশ্যন কেম্পত ৭০গৰাকী তেনে লোক আছে যিসকলে ৩ বছৰ সম্পূৰ্ণ কৰিলে। মুখ্য মন্ত্ৰীক এই অভিযোগ দিয়াৰ পাছত তেওঁ সীমান্তৰ ডিজিক দায়িত্ব দিছে আৰু সংগঠনৰ সদস্যকো ইয়াত অন্তৰ্ভুক্ত কৰিছে।”

ডিটেনশ্যন কেম্পসমূহত বিশেষ স্বাস্থ্যসেৱাৰ ব্যৱস্থা কৰিবলৈ দাবী কৰা হৈছিল আৰু এই কথাও মুখ্য মন্ত্ৰীয়ে মানি লৈছে বুলি তেওঁ সদৰী কৰে।

“কালিৰ আলোচনাটো গুৰুত্বপূৰ্ণ আছিল আৰু সঠিকভাৱে হৈছে। চৰকাৰৰ যথেষ্ট সদ্দিচ্ছা দেখিছো। কিন্তু প্ৰতিশ্ৰুতিখিনি কাৰ্য্যকৰী হ’লেহে আমি চৰকাৰক ধন্যবাদ জনাম। কালি আলোচনাৰ পাছত আমি চৰকাৰক ধন্যবাদ জনোৱা নাই।” আলোচনাৰ ফলপ্ৰসূতা সন্দৰ্ভত দেই কয়।

তেওঁ আৰু কয়, “মুখ্য মন্ত্ৰী বাঙালী বিৰোধী বুলি আমাৰ যি অভিযোগ আছিল, আমাৰ এই দাবীসমূহ পূৰণ কৰিলেহে আমাৰ মানুহখিনিৰ মনৰ ক্ষোভ কিছু পৰিমাণে হ’লেও প্ৰশমিত হ’ব। তেতিয়াহে আমি আমাৰ অসমীয়াৰ মুখ্য মন্ত্ৰী বা ভাৰতীয়ৰ মুখ্য মন্ত্ৰী বুলি তেওঁক মানি ল’ব পাৰিম।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd