• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ বাংলাদেশী প্ৰীতি জাতিৰ বাবে উদ্বেগজনক : বেদব্ৰত বৰা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 5, 2024 8:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰীৰ বাংলাদেশী প্ৰীতি জাতিৰ বাবে উদ্বেগজনক। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি বাংলাদেশী প্ৰীতি দেখাইছে তাত আমি স্তম্ভিত হৈ পৰিছো। ড০ শৰ্মাই ধলাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস যে পাকেপ্ৰকাৰে বাংলাদেশী সেই কথা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মানি লৈছে। এক বিবৃতিত আজি এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

বৰাই আৰু কয় যে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ অসমৰ এনআৰচিত নাম আছে, অসমৰ পৰা মেট্ৰিক পৰীক্ষা দিছে আদিৰ দৰে কথা কৈ কংগ্ৰেছ দলক আক্ৰমণ কৰিবলৈ গৈ নিজেই নিজৰ স্বৰূপ উদঙাই দিয়া পৰিলক্ষিত হৈছে। বাংলাদেশী প্ৰসংগত কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ নিজ দলৰেই প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসক বলিৰ পঠা সজাবলৈকো কুণ্ঠাবোধ নকৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসম চুক্তিক নস্যাৎ কৰি হিমন্ত বিশ্ব শৰ্মাই আজি বাংলাদেশীৰ সমৰ্থনত যি যুক্তি আগবঢ়াইছে সেয়া জাতিটোৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক। সাংবিধানিক পদত থকা হিমন্ত বিশ্ব শৰ্মাই কেইটামান ভোটৰ লালসাত বাংলাদেশীৰ পক্ষ লৈছে বুলিও অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। বৰাই আৰু কয় যে ৬ বছৰীয়া অসম আন্দোলত ৮৫৫ গৰাকী শ্বহীদ হ’বলগীয়া হৈছিল, অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰা দীঘলীয়া ৰক্তাক্ত আন্দোলনৰ পিছত তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ তৎপৰতাত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সেই চুক্তি অনুযায়ী ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বিদেশীক বিদেশী হিচাপে গণ্য কৰাৰ কথা কোৱা হৈছিল। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়েও অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সম্পৰ্কীয় ৰায়দানত অসম চুক্তিকেই মান্যতা প্ৰদান কৰিছে। ইয়াৰ পিছতে বিজেপিৰ আন এগৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশী অমিয়কান্তি দাসে টিকট লাভ কৰা নীহাৰ ৰঞ্জন দাস বাংলাদেশী বুলি ৰাজহুৱাকৈ অভিযোগ উত্থাপন কৰিছিল। বিজেপিৰ নিজৰ মানুহেই নীহাৰ ৰঞ্জন দাসক বাংলাদেশী আখ্যা দিয়া বিষয়টোক কংগ্ৰেছে গুৰুত্বসহকাৰে লয়। কিয়নো বাংলাদেশী ইছ্যুটো অসমৰ বাবে আজিও এক গুৰুত্বপূৰ্ণ ইছ্যু।

এইবুলি উল্লেখ কৰি বেদব্ৰত বৰাই কয়, ”বিজেপি চৰকাৰে জাঁপি দিয়া ‘কা‘ আইন আৰু উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়দানৰ পিছত এই ইছ্যুটোৱে আৰু অধিক গুৰুত্ব লাভ কৰিছে। সেয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই বিজেপিৰ নিজৰ মানুহে উত্থাপন কৰা অভিযোগ সঁচা নে মিছা সেয়া স্পষ্ট কৰি দিবলৈ দাবী জনাইছিল। কিন্তু গুৰুত্বপূৰ্ণ এই বিষয়টোৰ পৰা ফালৰি কাটিবলৈ মুখ্যমন্ত্ৰীয়ে আজি টুলুঙা মন্তব্য কৰিবলৈ চেষ্টা চলাই যদিও সেই মন্তব্যতে বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস যে এগৰাকী বাংলাদেশী সেয়া স্পষ্ট হৈ পৰিছে।’’

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm
অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd