মাৰ্ঘেৰিটাত অব্যাহত আছে কয়লাৰ চোৰাং বেহা; জেচিবিসহ জব্দ ৫খন কয়লাভৰ্তি ডাম্পাৰ

মাৰ্ঘেৰিটাত বৰ্তমানেও কয়লাৰ চোৰাং বেহা চলি থকাৰ তথ্য পোহৰলৈ আহিছে। আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষীয়ে ৫খন কয়লা ভৰ্তি ডাম্পাৰ আৰু এখন কয়লা খননত ব্যৱহীত জেচিবি মাৰ্ঘেৰিটা জব্দ কৰে৷ নামটকৰ পৰা জব্দ কয়লাখিনিৰ মূল্য কেইবালাখ টকা হ’ব৷

উল্লেখযোগ্য যে ৰাজ্যত কয়লা চিণ্ডিকেটক কেন্দ্ৰ কৰি সৰৱ চৰ্চা চলি থকাৰ সময়তে ৰাজ্যত কেব আৰু পৰবৰ্তী সময়ত ‘কা’ বিৰোধী আন্দোলনে জোৰদাৰ হৈ উঠাৰ লগে লগে উজনি অসমৰ মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কয়লাৰ চোৰাং সৰবৰাহ ব্যাহত হৈ পৰিছিল।

জেচিবি, ফকলেণ্ড আদি গাড়ী ব্যৱহাৰ কৰি নামদাং, নামটক, আৰধাৰা, টিকক ফিনবৰু আদি অঞ্চলত কয়লা ব্যৱসায়ীয়ে জমা ৰখা কয়লা সৰবৰাহ বন্ধ থকাৰ সময়তে আজি নামটকত ৫খন ডাম্পাৰত কয়লা বোজাই কৰি স্থানীয় কোক ক’ল উদ্যোগলৈ সৰবৰাহ কৰিবলৈ লওঁতেই জব্দ কৰে আৰক্ষীয়ে৷

অৱশ্যে আৰক্ষীয়ে চোৰাং কয়লা মজুত থকা বুলি অভিযোগ উঠা নামদাং, নামটক, আৰধাৰা আদি অঞ্চলত কোনো অভিযান চলোৱা নাই৷ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি আজিৰ ঘটনাৰ সৈতে তিনিচুকীয়া জিলাৰ কেইজনমান ছালফা জড়িত আছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জাগুন বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বালিজানত কুখ্যাত কয়লা মাফিয়া মনোজ গগৈয়ে অবৈধ কয়লাখননত ব্যৱহাৰ কৰা এখন ফকলেণ্ড একাংশ নগা যুৱকে জ্বলাই দিছিল যদিও সমগ্ৰ ঘটনাক লেখাপানী-জাগুন আৰক্ষীয়ে গাপ দিয়ে৷

আনহাতে জিলাখনত ’কা’ বিৰোধী আন্দোলনৰ সময়ত প্ৰযোজ্য থকা সান্ধ্যাইনৰ সময়তো নিশা ডাম্পাৰেৰে চোৰাং কয়লা স্থানীয় ইটা ভাটা আৰু অন্যান্য ক্ষেত্ৰলৈ সৰবৰাহ চলি আছিল বুলি এক সূত্ৰত প্ৰকাশ৷

আজি জব্দ কৰা কয়লাখিনিৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ সংক্ৰান্তত আৰক্ষীয়ে বাতৰি যুগুত কৰা সময়লৈকে কোনো লোকোক আটক কৰা নাই৷