NORTHEAST NOW (Assamese)

ড’নাল্ড ট্রাম্পৰ নীতিৰ ঋণাত্মক প্ৰভাৱ! পঁইতাচোৰাই ভৰি পৰিছে ‘নাছা’ৰ কাৰ্যালয়

March 18, 2025 4:42 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 18, 2025 4:43 pm

নাল্ড ট্রাম্পে ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত সৰ্বাধিক হাৰাশাস্তিৰ সন্মুখীন হৈছে আমেৰিকাৰ চৰকাৰী কৰ্মচাৰীসকল।

এফালে নিলম্বন আৰু আনফালে চাকৰি কৰ্তনৰ ফলত কৰ্মচাৰীসকল একপ্ৰকাৰ আতংকিত হৈ পৰিছে। এলন মাস্কে ডিপার্টমেন্ট অব্ গবর্নমেন্ট এফিচিয়েন্সি চমুকৈ ডজৰ দায়িত্ব গ্রহণ কৰাৰ পাছতে সৃষ্টি হৈছে অৰাজকতা।

পূৰ্বে ঘৰৰ পৰা কাম কৰা কৰ্মচাৰীসকলে এতিয়া মাস্কৰ নিৰ্দেশত অফিচলৈ আহিবলৈ বাধ্য হৈছে। পিচে অফিচত দেখা গৈছে জাক জাক পঁইতাচোৰা। আনকি নাছাৰ কার্যালয়ত এখন টয়লেট পেপাৰো বিচাৰি পাবলৈ নাই।

বিশেষকৈ মার্কিন মহাকাশ সংস্থা নাছাৰ দৰে গুৰুত্বপূৰ্ণ সংস্থাৰ কাৰ্যালয়ত এই পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটিছে। এনে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈ ইতিমধ্যে এক লাখৰো অধিক চৰকাৰী কৰ্মচাৰীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছে

Related News