নিমাতীৰ ফেৰী দুৰ্ঘটনাত মাজুলী ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা, গুৱাহাটী কাহিলীপাৰাৰ পৰিমিতা দাসৰ মৃত্যু৷
শিক্ষানুষ্ঠান খোলাৰ পিছত কলেজত যোগদাৰ বাবে গৈ আছিল পৰিমিতা৷
জানিব পৰা মতে এজন চিকিৎসকো বৰ্তমানলৈকে সন্ধানহীন হৈ আছে৷
ইপিনে, দুয়োখন ফেৰীত কিমান যাত্ৰী আছিল তাৰ কোনো তথ্য নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ হাতত ।
আনহাতে নাই প্ৰাণ ৰক্ষাৰ কাৰণে কোনো লাইফ জেকেত ? ইয়াক লৈ এতিয়া নতুন এক বিতৰ্কৰ সূত্ৰপাত হৈছে।
এতিয়া কাৰোৰে হাতত তথ্য নাই কিমান যাত্ৰী সন্ধানহীন৷
প্ৰশাসনে টোল ফ্ৰী নম্বৰ মুকলি কৰি দিছে। তথা পৰিয়ালৰ পৰা বিচাৰিছে তথ্য৷ নম্বৰ দুটা ক্ৰমে 1077 আৰু 7635961522।