NORTHEAST NOW (Assamese)

নিমাতীৰ ফেৰী দুৰ্ঘটনাত মৃত্যু মাজুলী ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা, গুৱাহাটীৰ পৰিমিতা দাসৰ

September 8, 2021 7:52 pm · কল্পজ্যোতি শইকীয়া
Updated: September 8, 2021 8:15 pm

নিমাতীৰ ফেৰী দুৰ্ঘটনাত মাজুলী ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা, গুৱাহাটী কাহিলীপাৰাৰ পৰিমিতা দাসৰ মৃত্যু৷

শিক্ষানুষ্ঠান খোলাৰ পিছত কলেজত যোগদাৰ বাবে গৈ আছিল পৰিমিতা৷

জানিব পৰা মতে এজন চিকিৎসকো বৰ্তমানলৈকে  সন্ধানহীন হৈ আছে৷

ইপিনে, দুয়োখন ফেৰীত কিমান যাত্ৰী আছিল তাৰ কোনো তথ্য নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ হাতত ।

আনহাতে নাই প্ৰাণ ৰক্ষাৰ কাৰণে কোনো লাইফ জেকেত ? ইয়াক লৈ এতিয়া নতুন এক বিতৰ্কৰ সূত্ৰপাত হৈছে।

এতিয়া কাৰোৰে হাতত তথ্য নাই কিমান যাত্ৰী সন্ধানহীন৷

প্ৰশাসনে টোল ফ্ৰী নম্বৰ মুকলি কৰি দিছে। তথা পৰিয়ালৰ পৰা বিচাৰিছে তথ্য৷ নম্বৰ দুটা ক্ৰমে 1077 আৰু 7635961522।

Related News