জন্মদিনৰ অনুষ্ঠানত বন্দুকধাৰীৰ আক্ৰমণ, থিতাতে নিহত ৭ গৰাকী লোক

Colorado shootinseven dead

নৃত্য-গীতৰ মাজেৰে চলিছিল জন্মদিনৰ অনুষ্ঠান। কিন্তু হঠাতে আনন্দত যেন য’তি পৰিল।

জন্মদিনৰ আনন্দৰ মাজতে হঠাতে সেই স্থানত উপস্থিত হ’ল এজন বন্দুকধাৰী।বনদুকধাৰী যুৱক জনে কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে আৰম্ভ কৰিলে গুলীবৰ্ষণ কৰিবলৈ। এই ঘটনাত আক্ৰমণকাৰী যুৱক জনৰ বন্ধৱীৰ লগতে মুঠ ৭ গৰাকীলোক নিহত হয়।

ঘটনাটো ঘটিছে আমেৰিকাৰ কলৰাডোত।

যোৱা নিশা কলৰাডোৰ স্প্ৰীং অঞ্চলৰ এটা ঘৰত অনুষ্ঠিত কৰা হৈছিল  জন্মদিনৰ অনুষ্ঠান।সেই অনুষ্ঠানত হঠাতে প্ৰৱেশ কৰে সেই বন্দুকধাৰী যুৱকে।

যুৱক জনে ৭ গৰাকীকৈ লোকক হত্যা কৰাৰ পিছত নিজেও মূৰত গুলী কৰি আত্মহত্যা কৰে।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে কলৰাডো আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

যুৱক জনে কি কাৰণত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে প্ৰকাশ কৰা  মতে প্ৰেমজনিত কাৰণতে এই আক্ৰমণৰ ঘটনা সংঘটিত হ’বল পাৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ইপিনে জন্মদিনৰ অনুষ্ঠানত উপস্থিত থকা এগৰাকী মহিলাই প্ৰকাশ কৰে মতে আক্ৰমণকাৰী যুৱকজন প্ৰথমতে সেই অনুষ্ঠানতে আছিল যদিও হঠাতে যুৱকজনে অনুষ্ঠানৰ পৰা ওলাই গৈ ফোনত কিবা কথা পাতে আৰু পুনৰ অনুষ্ঠানলৈ আহি গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।