নিৰ্বাচনী সমীক্ষা! নাগালেণ্ড, ত্ৰিপুৰাত আকৌ ফুলিব পদুম, মেঘালয়ত ওলোমা বিধানসভা!

উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সম্পন্ন হৈ গৈছে। যোৱা ১৬ ফেব্ৰুৱাৰিত ত্ৰিপুৰাত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ বিপৰীতে আজি সোমবাৰে সম্পন্ন হৈ যায় ভোটগ্ৰহণ।

ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতে তিনি ৰাজ্যৰ দুই ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে।

ইণ্ডিয়া টুডেৰ সমীক্ষাৰ মতে ত্ৰিপৰাত পুনৰ বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হ’ব। ইণ্ডিয়া টুডেৰ মতে ত্ৰিপুৰাত বিজেপি আৰু সহযোগী দলে ৬০ খন আসনৰ ভিতৰত ৩৬ ৰপৰা ৪৫ খন লাভ কৰিব। আনহাতে বামপন্থী দলে ৬ ৰপৰা ১১ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এখনো আসন লাভ নকৰে বুলি কোৱা হৈছে। কিন্তু জনজাতিসকলৰ সমর্থন লাভ কৰা প্রদ্যোৎ দেব্বর্মা নেতৃত্বাধীন টিপৰা মোথাই কঠোৰ প্রতিৰোধৰ সৃষ্টি কৰিলেও সমীক্ষাটোৱে এখন আসন দিয়া নাই।

আনফালে, জি নিউজ আৰু মাট্ৰিজৰ সমীক্ষাৰ বিজেপি আৰু সহযোগী দলে ২৯-৩৬ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব। বামপন্থীয়ে ১৩ ৰপৰা ২১ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি সমীক্ষাটোত কোৱা হৈছে।

জি নিউজ আৰু মাট্ৰিজৰ সমীক্ষাৰ মেঘালয়ত ওলোমা বিধানসভাৰ আশংকা কৰা হৈছে। ৰাজ্যখনত বিজেপিয়ে ৬-৭ খন, কংগ্ৰেছে ৩-৬ খন, এনপিপি-এ ২১-২৬ খন আৰু তৃণমূল কংগ্ৰেছে ৮-১৩ আসন লাভ কৰাৰ সম্ভাৱনা আছে। টাইমছ নাও ইটিজি ৰিচার্ছ সমীক্ষাৰ মতে জেপিয়ে ৩-৬ খন, কংগ্ৰেছে ২-৩ খন, এনপিপি-এ ১৮-২৬ খন আৰু তৃণমূল কংগ্ৰেছে ৮-১৪ আসন লাভ কৰিব। 

ইফালে জি নিউজ আৰু মাট্ৰিজৰ সমীক্ষাৰ মতে নাগালেণ্ডত বিজেপি+এনডিপিপি-এ চৰকাৰ গঠন কৰাটো নিশ্চিত। সমীক্ষাৰ মতে ৰাজ্যখনত বিজেপি+এনডিপিপি-এ ৩৫ ৰপৰা ৪৩ খন আসন, কংগ্ৰছে ১ খন, এনপিএফ-এ ২ ৰপৰা ৫ খন আৰু অন্যান্যই ৬ৰ পৰা ১২ খন আসন পোৱা সম্ভাৱনা আছে। টাইমছ নাও ইটিজি ৰিচার্ছৰ মতে নাগালেণ্ডত বিজেপি+এনডিপিপি-এ চৰকাৰ গঠন কৰাটো নিশ্চিত।

অৱশ্যে, ৰাজ্যকেইখনত শেষ হাঁহি কোনে মাৰিব তাৰ বাবে অহা ২ মাৰ্চলৈ অপেক্ষা কৰিব লাগিব। অহা ২ মাৰ্চত তিনিওখন ৰাজ্যৰে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।