NORTHEAST NOW (Assamese)

কা’ৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে পুৰণিগুদামত সমন্বয়ৰক্ষী সমিতি গঠন

December 29, 2019 8:02 pm · ভার্গব হাজৰিকা

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে এক সুস্থ, ঐক্যবদ্ধ, শৃংখলাবদ্ধ, শান্তিপূৰ্ণ, শক্তিশালী গণতান্ত্ৰিক আন্দোলন চলাই নিয়াৰ উদ্দেশ্যৰে নগাঁৱৰ পুৰণিগুদামত স্থানীয় সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিনিধিবৰ্গ, সচেতন নাগৰিককলৈ এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰা হয়।

শনিবাৰে পুৰণিগুদামৰ ভবেন্দ্ৰনাথ শইকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন পৰ্য্যালোচনা সভাত গঠিত উক্ত সমিতিয়ে আইনখনৰ নেতিবাচক দিশবোৰৰ সম্পৰ্কে গাঁৱে-গাঁৱে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি আন্দোলনটোক যাতে কোনো তৃতীয় পক্ষৰ শক্তি বা দুষ্কৃতিকাৰীয়ে ব্যাঘাত জন্মাই বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ ওপৰত তদাৰক কৰিবৰ বাবে সময়ে-সময়ে সক্ৰিয় স্বেচ্ছাসেৱক নিয়োগ কৰা হ’ব বুলি জানিবলৈ দিয়ে সমিতিৰ নেতৃবৰ্গই।

স্থানীয় সমাজকৰ্মী পূৰ্নানন্দ ভূঞাক সভাপতি, নজবুল হুচেইন, দেৱজিৎ কলিতা আৰু নিলৰঞ্জন শৰ্মাক উপ সভাপতি, দুলেন বৰাক সম্পাদক, নয়ন জ্যোতি গায়ন আৰু দিব্য জ্যোতি হাজৰিকাক যুটীয়া সহকাৰী সম্পাদক হিচাপে লৈ উক্ত ২১জনীয়া সমিতিখন গঠন কৰা হৈছে।

সমন্বয়ৰক্ষী সমিতিখনত প্ৰচাৰৰ দ্বায়িত্ব অৰ্পণ কৰিছে পুৰণিগুদাম প্ৰেছ ক্লাবক।

Related News