DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিশুৰ দত্তক গ্ৰহণৰ নামত চলে শিশুৰ অবৈধ সৰবৰাহ; ব্যৱস্থা গ্ৰহণৰ দাবীৰে দৰং জিলাৰ উপায়ুক্তক স্মাৰকপত্ৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
December 29, 2019 8:00 pm
adoption

প্ৰতিনিধিত্বমূলক ছবি।

494
VIEWS
Share on FacebookShare on Twitter

শিশুৰ দত্তক গ্ৰহণৰ (Adoption) নামত দৰং জিলাত চলি আছে শিশুৰ অবৈধ আৰু অনৈতিক সৰবৰাহ।

শিশুৰ অধিকাৰৰ হৈ কাম কৰা ক্ৰিষ্টেল ভিজন নামৰ এটা সংগঠনে আজি এই বিষয়ে অৱগত কৰি জিলাখনৰ উপায়ুক্ত ঘনশ্যাম দাসক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। উপায়ুক্ত দাস জিলা শিশু সুৰক্ষা সমিতিৰো অধ্যক্ষ।

সংগঠনটোৱে দাবী কৰে যে নিঃসন্তান বয়সীয়া দম্পতীৰ বাবে সহায়ক আইন HAMA ( Hindu Adoption and Maintenance Act ), 1956-খনৰ বহুতে অপব্যৱহাৰ কৰি আছে।

গুৰুতৰ বিষয়টোক লৈ উপায়ুক্তজনক তেওঁৰ কাৰ্য্যালয়ত সাক্ষাৎ কৰা সংগঠনটোৰ সচিব মানবেন্দ্ৰ বৰুৱাই উপায়ুক্তজনে উচিত কাৰ্য্যব্যৱস্থা লোৱাৰ আশ্বাস দিয়া বুলি নৰ্থ-ইষ্ট নাওক জনায়।

সংগঠনটোৰ ৮জন প্ৰতিনিধিয়ে ইয়াৰ উপাধ্যক্ষ লুটফুৰ ৰহমানৰ নেতৃত্বত উপায়ুক্তজনক সাক্ষাৎ কৰিছিল।

নৰ্থ-ইষ্ট নাওৰ আগত মানবেন্দ্ৰ বৰুৱাই কয় যে এই কু-কৰ্মত ক্ষমতাশালী ৰাজনৈতিক নেতা, চৰকাৰী বিষয়া, অধিবক্তা আনকি জুভেনাইল জাষ্টিছ এক্টৰ অধীনত গঠিত গোটৰ লোকো মধ্যস্থতাকাৰী হিচাপে থকাটো অস্বীকাৰ কৰিব নোৱাৰি।

সংগঠনটোৱে উপায়ুক্তজনক এই শিশু সৰবৰাহকাৰী চক্ৰৰ পৰা জিলাখনত শিশুৰ অধিকাৰৰ হৈ কাম কৰা অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিক সুৰক্ষা দিয়াৰো দাবী কৰে।

“আমি জিলাখনত শিশু তুলি লোৱা (দত্তক গ্ৰহণ) শেহতীয়া প্ৰেক্ষাপটৰ বিষয়ে আৰু প্ৰকৃততেই শিশুৰ অধিকাৰৰ বাবে যিসকল লোকে কাম কৰি আছে, তেওঁলোকে সন্মুখীন হোৱা ভাবুকিৰ বিষয়ে আলোচনা কৰো”, বৰুৱাই কয়।

সংগঠনটোৱে কেৱল জুভেনাইল জাষ্টিষ্ট এক্টৰ অধীনতহে বৈধ দত্তক গ্ৰহণৰ জৰিয়তে শিশুৰ অধিকাৰ নিশ্চিত কৰিবলৈ আহ্বান জনায়।

বৰুয়াই কয়, একাংশ লোকে নিজৰ স্বাৰ্থত প্ৰাইভেট এডপশ্যনক উৎসাহিত কৰি আহিছে, যিটোৱে অবৈধ শিশু সৰবৰাহৰ বাট মুকলি কৰিছে।

“আমাৰ আৱেদন উপায়ুক্তই ধৈৰ্য্যৰে শুনিছে আৰু জিলাখনত এই ক্ষেত্ৰত সম্ভাব্য পদক্ষেপ ল’ব বুলি আশ্বাস দিছে”, ক্ৰিষ্টেল ভিজনৰ উপাধ্যক্ষ লুটফুৰ ৰহমানে কয়।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd