বাৰ্মিংহামত দেশলৈ দ্বিতীয়টো স্বৰ্ণ: নতুন কমনৱেলথ ৰেকৰ্ডেৰে স্বৰ্ণ জিনিলে জেৰেমি লালৰিনুঙ্গাই

Commonwealth Games 2022 Jeremy Lalrinnunga

দেশক গৌৰৱান্বিত কৰি বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছৰ আজি তৃতীয় দিনা পুনৰ উৰিল ত্ৰিৰংগা। আজি ভাৰতৰ পদক তালিকাত দ্বিতীয়টো স্বৰ্ণ সংযোগ কৰি উজ্বলি উঠিছে উত্তৰ পূবৰ আন এগৰাকী ভাৰোত্তোলক জেৰেমি লালৰিনুঙ্গা।

মিজোৰামৰ ১৯ বছৰীয়া জেৰেমি লালৰিনুঙ্গাই এক নতুন কমনৱেলথ ৰেকৰ্ড স্থাপনেৰে ভাৰোত্তোলনত পুৰুষৰ ৬৭ কিলোগ্ৰাম শাখাত স্বৰ্ণ অৰ্জন কৰে।

সামগ্ৰিকভাৱে ৩০০ কিলোগ্ৰাম (১৪০ কিলোগ্ৰাম স্নেচ আৰু ১৬০ কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্ক) উত্তোলন কৰি মীৰাবাঈ চানুৰ পিছত দেশক দ্বিতীয়টো স্বৰ্ণ উপহাৰ দিয়ে জেৰেমিয়ে।

২০১৮ চনত যুৱ অলিম্পিকৰ স্বৰ্ণ পদক জয় কৰা জেৰেমীয়ে এছিয়ান কোৱালিফাইং ইভেণ্টৰ সময়ত আঁঠুৰ আঘাতৰ বাবে যোৱা বছৰ টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল।

জেৰেমিৰ স্বৰ্ণ পদকৰ সৈতে চলিত কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্য পাঁচটালৈ বৃদ্ধি পালে। লক্ষ্যণীয়ভাৱে এই আটাইকেইটা পদক ভাৰতে ভাৰোত্তোলনৰ জৰিয়তেই লাভ কৰিছে।

জেৰেমিৰ পূৰ্বে সংকেত চাৰ্গাৰে পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি ভাৰতৰ পদক তালিকা মুকলি কৰাৰ পিছত গুৰুৰাজা পূজাৰীয়ে পুৰুষৰ ৬১ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

আনহাতে কালি নিশা মীৰাবাঈ চানুৱে ৪৯ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয়েৰে দেশক প্ৰথমটো স্বৰ্ণ পদকৰ সোৱাদ দিছিল। আজি পুৱাৰ ভাগত দেশৰ হৈ চতুৰ্থটো পদক অৰ্জন কৰিছিল বিন্দ্যাৰাণী দেৱীয়ে।

বিন্দ্যাৰাণী দেৱীয়ে মহিলাৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰি তুলিছিল।