উচ্চতম ন্যায়ালয়ে সোমবাৰে উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্তব্য প্ৰকাশ কৰি কয় যে দেৱানী বিবাদক অপৰাধমূলক গোচৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰথাক আইনৰ শাসনৰ সম্পূৰ্ণ ভংগ কৰা বুলি অভিহিত কৰিছে। আদালতে সকীয়াই দি কৈছে যে এই প্ৰথা বন্ধ নহ’লে ৰাজ্যখনৰ ওপৰত জৰিমনা বিহাৰ সম্ভাৱনা আছে।
উচ্চতম ন্যায়ালয়ে লগতে কয় যে যদিহে এই প্ৰথা শেষ নহয় তেন্তে ৰাজ্যখনক জৰিমনা বিহা হ’ব পাৰে বুলি লাইভ ল’ই প্ৰকাশ কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কে.ভি. বিশ্বনাথনৰ বিচাৰপীঠে
অপৰাধমূলক আস্থা ভংগ, অপৰাধমূলক ভাবুকি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত আবেদনকাৰীৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰাৰ আবেদনৰ শুনানি গ্ৰহণ কৰে।
অভিযোগকাৰীসকলক কিছু পৰিমাণৰ ধন ঘূৰাই নিদিয়াৰ অভিযোগৰ উপৰিও আবেদনকাৰীয়ে ১৩৮ নং ধাৰা এন আই আইনৰ অধীনত চেক অসন্মানৰ গোচৰৰ ৰুজু কৰে।
মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কয় যে এইটো ভুল! ইউ পিত কি হৈছে? প্ৰতিদিনে দেৱানী গোচৰক অপৰাধমূলক গোচৰলৈ ৰূপান্তৰিত কৰা হৈছে। এইটো ঠিক নহয়! এইটো সম্পূৰ্ণ আইনৰ শাসন উলংঘা!
ইয়াৰ পূৰ্বে বিচাৰপীঠে অভিযোগনামাৰ সকলো স্তম্ভতে স্পষ্ট আৰু সম্পূৰ্ণ প্ৰৱেশৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন নকৰাৰ বাবে গোচৰৰ তদন্তকাৰী বিষয়াজনৰ বিৰুদ্ধে অৱমাননাৰ কাৰ্য্যবিধি আৰম্ভ কৰিব পাৰে বুলিও মন্তব্য প্ৰদান কৰিছে।
আদালতৰ এই পূৰ্বৰ নিৰ্দেশনা মানি চলিবলৈ লোৱা পদক্ষেপ সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈও ইউ পিৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।