NORTHEAST NOW (Assamese)

চিকিৎসকৰ অনুপস্থিতিত কম্পাউণ্ডাৰে কৰিলে অস্ত্ৰোপচাৰ; বিহাৰত প্ৰাণ গ’ল ২৮বছৰীয়া তৰুণীৰ

April 21, 2024 5:02 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: April 21, 2024 5:20 pm

বিহাৰত সংঘটিত হৈছে এক আচৰিত ঘটনা৷ বিহাৰৰ সমষ্টিপুৰ জিলাৰ মুছৰিঘৰাৰী নামৰ এখন সৰু চহৰৰ তিনিমহলীয়া ঘৰৰ দ্বিতীয় মহলাত অৱস্থিত ব্যক্তিগত ‘অনিশা হেল্থকেয়াৰ’ কেন্দ্ৰত এই কাণ্ড সংঘটিত হৈছে। আঠাইশ বছৰীয়া ববিতা দেবীৰ কেন্দ্ৰটোতেই বন্ধ্যাকৰণৰ অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল।

অভিযোগ অনুসৰি, তেওঁলোকক প্ৰথমে কোৱা হৈছিল যে চিকিৎসক নাই। তাৰ পাছত এজন কম্পাউণ্ডাৰে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰে। তাৰপাছত চেলাইন দিয়া হয়। দুঘণ্টামান পাছত ৰাতিপুৱা প্ৰায় ১১ বজাত অস্ত্ৰোপচাৰৰ প্ৰস্তুতি আৰম্ভ হ’ল। কিন্তু মাত্ৰ এঘণ্টাৰ পাছতই হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷পৰৱৰ্তী সময়ত জৰুৰীকালীন ভিত্তিত এখন এম্বুলেন্স মাতি ববিতাক দহ কিলোমিটাৰ দূৰৈৰ মোহনপুৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। ডাক্তৰে পৰীক্ষা কৰি ববিতাক মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে, জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰ প্ৰতি সজাগতাৰ অভাৱৰ বাবে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ডৰ বহু দুৰ্গম অঞ্চলত বন্ধ্যাকৰণৰ ক্ষেত্ৰত এনে ঘটনা দেখা যায়। প্ৰায়ে চৰকাৰে শিবিৰৰ আয়োজন কৰে। কিন্তু বেছিভাগ ক্ষেত্ৰতে পৰ্যাপ্ত স্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসকৰ অভাৱৰ সুবিধা বিভিন্ন ব্যক্তিগত ক্লিনিকে গ্ৰহণ কৰে। বেছিভাগৰে অনুজ্ঞাপত্ৰ আছে নে নাই সেয়া জানিব পৰা হোৱা নাই, যিটো আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিব।

বিহাৰৰ ৰাজধানী পাটনাৰ পৰা আশী কিলোমিটাৰ দূৰত্বত এই ঘটনাই অঞ্চলটোত উত্তেজনা বিয়পাই দিয়ে। ইতিমধ্যে পৰিয়ালটোৱে কেন্দ্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। স্থানীয় আৰক্ষীয়ে আশ্বাস দিছে যে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইতিমধ্যে কেন্দ্ৰটোৰ লোকসকল পলাতক হৈ আছে।

Related News