পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ত নিহত হোৱা পাকিস্তানীসকলৰ প্ৰতি দক্ষিণ আমেৰিকাৰ কলম্বিয়া চৰকাৰে শোক প্ৰকাশ কৰিছে। এই কথাক লৈ হতাশা প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ শশী থাৰুৰে।
উল্লেখ্য যে ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে বিশ্বৰ বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিছে। দেশৰ সকলো ৰাজনৈতিক দলৰ সদস্যৰে গঠন কৰা হৈছে এই প্ৰতিনিধি দলটো। ইয়াৰে এটা প্ৰতিনিধি দলৰ নেতৃত্বত আছে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ।
থাৰুৰৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোত আছে জেএমএমৰ সাংসদ সৰফৰাজ আহমেদ, টিডিপিৰ সাংসদ জিএম হৰিশ বালযোগী, বিজেপিৰ সাংসদ শশংক মণি ত্ৰিপাঠী, ভুৱনেশ্বৰ কলিতা, তেজস্বী সূৰ্য্য, শিৱসেনাৰ মিলিন্দ মুৰালী দেওৰা, এলজেপিৰ সাংসদ শম্ভৱী আৰু কূটনীতিবিদ তৰণজিৎ সিং সন্ধু।
প্ৰতিনিধি দলটোৰ গন্তব্যস্থান আছিল আমেৰিকা, পানামা, গায়ানা, ব্ৰাজিল আৰু কলম্বিয়া। শেহতীয়াকৈ কলম্বিয়াৰ ৰাজধানী বগোটাত উপস্থিত হৈছে এই দলটো। সংবাদমেলত শশী থাৰুৰে কয়, “কলম্বিয়া চৰকাৰৰ সঁহাৰিত আমি অলপ হতাশ হৈছো। ভাৰতৰ আক্ৰমণত নিহত পাকিস্তানীসকলৰ প্ৰতি তেওঁলোকে আন্তৰিক সমবেদনা প্ৰকাশ কৰিছে কিন্তু সন্ত্ৰাসবাদৰ বলি হোৱাসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰা নাই।”
কংগ্ৰেছৰ সাংসদগৰাকীয়ে লগতে কয়, “আমি আমাৰ কলম্বিয়াৰ বন্ধুসকলক ক’ব বিচাৰো যে সন্ত্ৰাসবাদ আৰু ইয়াক প্ৰতিৰোধ দুয়োটাকে একাকাৰ কৰিব নোৱাৰি। কোনোবাই আক্ৰমণ কৰে, কোনোৱে সুৰক্ষা দিয়ে – তেওঁলোকৰ মাজত কোনো মিল নাই। আমি মাত্ৰ আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰিছো। যদি কোনো ভুল বুজাবুজি হয়, তেন্তে আমি ইয়াৰ সমাধানৰ পক্ষত আছো।”