NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অধিৱেশন

December 27, 2021 3:10 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

বঙাইগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন দেওবাৰে বীৰঝৰা চাহ বাগিচাৰ সমীপৰ কুঁজিয়া নৈৰ পাৰত বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত হয়৷

অধিৱেশন উপলক্ষ্যে জিলা সমিতিৰ সভাপতি নন্দলাল বৰ্মনে পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে ৷

ইয়াৰ পিছতে অনুষ্ঠিত হয় সাধাৰণ সভাৰণ সভা ৷

সভাত অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ বঙাইগাঁও অধিৱেশন সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হয়৷

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি নন্দলাল বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কৰ্মচাৰী সকলৰ সমস্যাজনিত বিভিন্ন বিষয়ৰ ওপৰতো বহলভাৱে আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷

সেইদৰে আগন্তুক সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ বঙাইগাঁও অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি তথা বিভিন্ন কাৰণত অধিৱেশনত উপস্থিত থকা সকলো সদস্যৰ সামূহিক সিদ্ধান্তৰ ভিত্তিত পুৰণি জিলা সমিতিৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

সভাত কেন্দ্ৰীয় সমিতিৰ কৰ্ণধাৰ সমিতিৰ সদস্য নিশিত ৰঞ্জন দাস উপস্থিত থাকে৷

Related News