তৰুণ গগৈৰ ঘৰত বৈঠকৰ পাছতে একপ্ৰকাৰ চূড়ান্ত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা

WhatsApp Image 2020-08-22 at 11.38.47 PM

অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু AIUDF ৰ নেতৃত্বৰ মাজত শনিবাৰে নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিছপুৰৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হয় এক ৰুদ্ধদ্বাৰ বৈঠক।

বৈঠকৰ অন্তত এটা কথা পৰিস্ফুট হৈ পৰিছে যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সৈতে AIUDF ৰ মিত্ৰতা প্ৰায় চূড়ান্ত।

জানিব পৰা মতে, AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ নিৰ্দেশনা মৰ্মে সাধাৰণ সম্পাদক আমিনুল ইছলামৰ নেতৃত্বত পাঁচজনীয়া এটা সজাতি দল উপস্থিত হয় তৰুণ গগৈৰ বাসগৃহত।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ লগতে অন্যান্য নেতৃত্বৰ AIUDF নেতৃত্বৰ সৈতে আলোচনা অনুষ্ঠিত হয়।

বৈঠকৰ অন্তত AIUDF ৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয়, “মিত্ৰতা হোৱাটো খাটাং। আমাৰ ফালৰ পৰা জনাই দিছো মিত্ৰতা কৰিম বুলি। এইটো গ্ৰেণ্ড এলাইন্স হ’ব, অন্য ৰাজনৈতিক দলো থাকিব।”

তেওঁ লগতে কয়, “কংগ্ৰেছ আমাৰ বিগ ব্ৰাদাৰ গতিকে তেওঁলোকে কাক মুখ্যমন্ত্ৰী দিয়ে তাত মাত মাতিব নাযাওঁ। মুঠতে মিত্ৰতা হ’ব লাগে আৰু বিজেপি চৰকাৰ উৎখাত হ’ব লাগে।”

ইপিনে, কোনোপধ্যে বদৰুদ্দিন আজমলক মুখ্য মন্ত্ৰী হ’ব নিদিয়ে বুলি ৰিপুন বৰাই কৰা দাবীৰ বিষয়ে সাংবাদিকে উনুকিয়াই দিয়াত আমিনুলে কয়, “সাংবিধানিকভাৱে বদৰুদ্দিন আজমল মুখ্য মন্ত্ৰী হোৱাৰ বাধ্য বাধকতা নাই। কিন্তু বদৰুদ্দিন আজমলে জনাই দিছে তেওঁ মুখ্য মন্ত্ৰী পদৰ বাবে লালায়িত নহয়, তেওঁ আগ্ৰহী নহয়, তেওঁৰ মূল লক্ষ্য অসমত সামাজিক ন্যায় প্ৰতিষ্ঠা হ’ব লাগে।”

ইপিনে, আসন বিচৰা পৰ্যায় এতিয়ালৈকে অহা নাই বুলি তেওঁ কয়।

ইপিনে, বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এয়া প্ৰাৰম্ভিক আলোচনা বুলিহে আখ্যা দিয়ে।

“এয়া প্ৰাৰম্ভিক আলোচনাহে মাথো, সকলোৰে কিছুমান এজেণ্ডা বা চৰ্ত থাকিব। সেইবোৰ মানি ল’ব পৰা হ’ব নে নাই সেইবোৰ চালি জাৰি চাই পাছত মডেলিটি প্ৰস্তুত কৰি চুক্তি স্বাক্ষৰ হ’ব।” ৰিপুন বৰাই এইদৰে সংবাদ মাধ্যমৰ আগত কয়।