মনোনয়ন পত্ৰ দাখিল কলিয়াবৰৰ কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈৰ

Gaurav Gogoi

গৌৰৱ গগৈৰ মনোনয়ন দাখিলৰ ছবি।

প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ বাবে আজি কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈয়ে অসংখ্য সমৰ্থকক লগত লৈ দুপৰীয়া প্ৰায় ১২.৩৬ বজাত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত অতিৰিক্ত উপায়ুক্ত তথা ৰিতাৰ্নিং বিষয়া হেমন্ত ভূঞাৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন দাখিলৰ পূৰ্বে সাংসদগৰাকীয়ে সমষ্টিটোৰ হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে কংগ্ৰেছ ভৱনৰ পৰা নগাঁও চহৰৰ মাজেৰে এক বিশাল সমদল উলিয়াই। সমৰ্থক সকলক উদ্দেশ্যি তেওঁ কয়, ‘আপোনালোকৰ মৰম, আশীৰ্বাদ পাই যোৱাবাৰ কলিয়াবৰ সমষ্টিৰ পৰা কংগ্ৰেছ জয়ী হৈছিল। এতিয়া পুনৰ পৰীক্ষাৰ সময় আহিল। এতিয়া দেশে বিচাৰি আছে কেনেকে বিজেপি চৰকাৰক বিদায় দিব পাৰি’।

সাংসদ গগৈয়ে লগতে আৰু কয়, ‘অসমৰ জাতি-মাটি-ভেটি ৰক্ষা আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ স্বাৰ্থত কংগ্ৰেছেই একমাত্ৰ দল’। ইয়াৰ উপৰি কংগ্ৰেছ দলেহে একমাত্ৰ দুখীয়াৰ বাবে কাম কৰিব বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে।

মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সাংসদগৰাকীৰ লগত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ লগতে বিস্মিতা গগৈ, অজন্তা নেওগ, নুৰুল হুদাৰ লগতে আন কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতাই সংগ দিয়ে।

ইফালে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে সাংসদ গগৈয়ে আজি পুৱা দৌলযাত্ৰা মহোৎসৱৰ পবিত্ৰ দিনত গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থান, ঐতিহাসিক দৌল মন্দিৰত সেৱা জনাই সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ-আই-মাতৃসকলৰ আশীৰ্বাদ গ্ৰহণ কৰে।

উল্লেখ্য যে কলিয়াবৰ লোকসভা সমষ্টিতো দহটা বিধানসভা সমষ্টিৰে গঠিত। সমষ্টি কেইটা হ’ল- চামগুৰি, কলিয়াবৰ, ধিং, গোলাঘাট, বোকাখাট, দেৰগাঁও, বটদ্ৰৱা, ৰূপহীহাট, সৰুপথাৰ আৰু খুমটাই।

সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত অহা ১১ এপ্ৰিলত ভোটগ্ৰহণ হ’ব লগা সমষ্টিটোৰ মনোনয়ন দাখিলৰ অন্তিম দিন ২৫ মাৰ্চ।