গুৱাহাটীত পচন্দৰ মানুহ নাই কংগ্ৰেছৰ : প্ৰায় ‘চূড়ান্ত’ ৰমেন বৰঠাকুৰৰ নাম

চৰ্চাত আহিছিল গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ নামো

Ramen Borthakur

ৰমেন বৰঠাকুৰ। ফাইল ফটো।

প্ৰায়বোৰ সমষ্টিত প্ৰাৰ্থীৰ নাম এক প্ৰকাৰৰ চূড়ান্ত হ’লেও হাইপ্ৰফাইল গুৱাহাটী সমষ্টিত উপযুক্ত মুখৰ সন্ধান পোৱা নাই কংগ্ৰেছে। কেইবাগৰাকী প্ৰাৰ্থীয়ে টিকট বিচাৰি আৱেদন জনালেও তেওঁলোকৰ বাহিৰৰ কেইবাজনৰ নামো চৰ্চালৈ আহিছিল যোৱা দুদিনত। কিন্তু বিভিন্ন কাৰণত প্ৰাৰ্থীৰ ক্ষেত্ৰত সিদ্ধান্তত উপনীত হ’ব পৰা নাই দলটোৰ নেতৃত্ব। ইয়াৰ ভিতৰত আছে ঘাইকৈ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ নাম। চলিহাই পূৰ্বে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ড০ ভূপেন হাজৰিকাক পৰাজিত কৰিছিল।

শেহতীয়া এটা গোপন সূত্ৰৰ মতে, টিকট বিচাৰি প্ৰথম দিনটোতে আৱেদন কৰাসকলৰ মাজৰে ৰমেন বৰঠাকুৰৰ নামেই এতিয়া সৰ্বাধিক সম্ভাৱনাময় নাম হৈ পৰিছে গুৱাহাটীৰ বাবে। বৰঠাকুৰৰ লগতে জ্যেষ্ঠ কংগ্ৰেছী বলিন বৰদলৈ আৰু ববিতা শৰ্মায়ো টিকট বিচাৰি আবেদন জনাইছিল যদিও আৰু তিনিওজনৰ নাম কংগ্ৰেছৰ ৰাজ্যিক পৰ্য্যায়ৰ পেনেলত অন্তৰ্ভুক্ত হৈছিল যদিও বৰঠাকুৰেই টিকট পোৱা এক প্ৰকাৰৰ নিশ্চিত।

ৰমেন বৰঠাকুৰ বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ মুখপাত্ৰৰ দায়িত্বত আছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ৰমেন বৰঠাকুৰৰ নাম পেনেলত অন্তৰ্ভুক্ত নকৰা বুলি ভাবি ১৭ মাৰ্চৰ দিনা বৰঠাকুৰৰ বহুসংখ্যক সমৰ্থকে ৰুক্মিণীগাঁওস্থিত এন আৰ এল পেট্ৰ’ল পাম্পৰ পৰা বেলতলাস্থিত ৰিপুণ বৰাৰ বাসগৃহলৈকে সমদল কৰি গুৱাহাটীত বৰঠাকুৰক প্ৰাৰ্থিত্ব দিবৰ বাবে দাবী জনাইছিল। বৰায়ো পেনেলত বৰঠাকুৰৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি তথা তেওঁৰ নামো প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত বিবেচনা কৰা হ’ব বুলি আশ্বাস দিছিল বৰঠাকুৰৰ সমৰ্থকসকলক।

আনহাতে, বিজেপিৰ পৰা কুইন ওজাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে চৰ্চা হৈছে যদিও এতিয়াও গেৰুৱা দলটোৱেও আনুষ্ঠানিক ঘোষণা কৰিব পৰা নাই চূড়ান্ত প্ৰাৰ্থীৰ নাম।

কংগ্ৰেছে যোৱা ১৫ তাৰিখে ৫টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল।প্ৰথমখন তালিকাত কৰিমগঞ্জত স্বৰূপ দাস, শিলচৰত সুস্মিতা দেব, কলিয়াবৰত গৌৰব গগৈ, যোৰহাটত সুশান্ত বৰগোঁহাই আৰু ডিব্ৰুগড়ত পৱন সিং ঘাটোৱাৰক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে। সেইদৰে দলটোৱে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, মঙলদৈত ভুৱনেশ্বৰ কলিতা, লখিমপুৰত অনিল বৰগোহাঁই, তেজপুৰত এম জি কে ভানু আৰু ডিফুত বৰ্তমানৰ সাংসদ বীৰেন সিং ইংতিৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰিছে।

গুৱাহাটীত প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকায়ো নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ইতিপূৰ্বে সংবাদমেলযোগে ঘোষণা কৰিছে। ফলত বিজেপিৰ কুইন ওজা আৰু ৰমেন বৰঠাকুৰৰ মাজতে মূল যুঁজ হ’লেও উপমন্যু হাজৰিকাই ভোটৰ হৰণ-ভগন কৰাটো নিশ্চিত।