• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ গেৰাণ্টিবোৰে বিজেপিক ধৰাশায়ী কৰিছে! কিহে আনিছে কংগ্ৰেছৰ বিপুল বিজয়ৰ ইংগিত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2021 10:18 am
congress_12-768x511
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মালিকাৰ্জুন খাৰগে, ৰাজ্যসভাৰ সাংসদ ড° নাছিৰ হুচেইন, ৰাজ্যসভাৰ সাংসদ ড° অখিলেশ প্ৰসাদ সিং, লোকসভাৰ সাংসদ আব্দুল খালেক, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ প্ৰফেছাৰ গৌৰৱ বল্লভ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষা শ্ৰীমতী ববিতা শৰ্মাই এক প্ৰেছ বিবৃতি জাৰি কৰি এইবাৰৰ নিৰ্বাচনৰ কিছু কথা অৱগত কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে অসমত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে, ৰাজ্যখনৰ আটাইবোৰ অংশৰপৰা কংগ্ৰেছৰ এটা বিপুল বিজয়ৰেই সংকেত আহিবলৈ ধৰিছে।

কংগ্ৰেছ ৰাইজৰ ওচৰলৈ গৈছিল ইয়াৰ ৫ গেৰাণ্টি পুৰণ কৰাৰ অংগীকাৰ লৈ, যিকেইটা গেৰাণ্টিয়ে অসম তথা অসমীয়া মানুহৰ ভৱিষ্যতৰ দিশ-পৰিৱৰ্তন প্ৰক্ৰিয়াত নিৰ্ণায়কৰ ভূমিকা ল’ব বুলি কোৱা হৈছে।

এই পাঁচটা গেৰাণ্টিৰ জৰিয়তে কংগ্ৰেছে দাঙি ধৰা দূৰদৃষ্টি তথা ইচ্ছাশক্তিৰ প্ৰতি সকলো বয়সৰ লোকৰপৰা তথা অসমৰ আটাইবোৰ ভৌগোলিক এলেকাৰ পৰা অভাৱনীয় সঁহাৰি লাভ কৰা বুলিও জানিবলৈ দিয়ে কংগ্ৰেছ নেতাকেইগৰাকীয়ে।

প্ৰচাৰ অভিযানৰ সমগ্ৰ কালছোৱাত বিজেপিয়ে যোৱা ৫ বছৰত ইয়াৰ প্ৰদৰ্শন সম্পৰ্কীয় প্ৰশ্নসমূহৰ পৰা ফালৰি কাটি আহিবলৈ চেষ্টা কৰাৰ অভিযোগ তুলি কোৱা হৈছে যে দৌৰৰ অন্তিম ৰেখা এতিয়া দৃষ্টিগোচৰ হোৱাৰ সময়তে, আনকি বিজেপিয়েও এতিয়া পৰাজয় মানি লৈছে।

▪ যোৱা ৫ বছৰত নিজৰ কিমান প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা গ’ল সেই প্ৰশ্নৰ মুখামুখি হোৱাৰ ভীতিয়ে বিজেপিক এনেকৈ ত্ৰস্ত কৰিছে যে আনকি দলটোৰ মূল প্ৰচাৰ অভিযানৰপৰা শাসনাধিষ্ঠিত মুখ্যমন্ত্ৰীজন প্ৰায় অন্তৰ্ধান হোৱাৰ দৰে হৈছে।

কংগ্ৰেছ নেতাকেইগৰাকীয়ে বিবৃতিটোত কিছুমান বিষয় উল্লেখ কৰিছে যিকেইটা হৈছে এনেধৰণৰ-

▪ পৰাজয়ৰ কথা ভাবি বিজেপি ইমানেই উদ্বিগ্ন হৈ পৰিছে যে ‘গুজৰাটী মামাই’ স্বীকাৰ কৰিছে যে দলটোৱে হেনো সৰ্বানন্দ সোণোৱালৰ মুখখনে সফলতা আনিব বুলি বিশ্বাস নকৰে আৰু দলে পুনৰ জয়লাভ কৰিলে হেনো মুখ্যমন্ত্ৰীৰ মুখৰ বিষয়ে এটা সিদ্ধান্ত ল’ব।

▪ শাসনাধিষ্ঠিত মুখ্যমন্ত্ৰীজনৰ চেহেৰা আগত ৰাখি যিকোনো এটা দলে নিৰ্বাচনত কিয় প্ৰতিদ্বন্দ্বিতা নকৰিব? প্ৰয়াত শ্ৰী তৰুণ গগৈৰ মুখখন লৈয়েই কংগ্ৰেছে যোৱা চাৰিটা নিৰ্বাচনৰ আটাইকেইটাতে অৱতীৰ্ণ হৈছিল, কাৰণ আমি গৌৰৱেৰে প্ৰদৰ্শন কৰিব পাৰিছিলো তেওঁৰ চৰকাৰে লাভ কৰা সফলতাৰ কথা।

▪ বিজেপিয়ে ১৮% এতিয়াৰ বিধায়কক (৬০ গৰাকী বিধায়কৰ ভিতৰত ১১ গৰাকীক) এইবাৰৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্ব দিবলৈ অস্বীকাৰ কৰিলে। নিজে পূৰণ কৰিব নোৱৰা প্ৰতিশ্ৰুতিবোৰৰ স্মৃতি অসমৰ ৰাইজৰ মানসৰপৰা দলটোৱে মচি পেলাব খোজে।

▪ অসূয়া-অপ্ৰীতি বিয়পাই অসমৰ গৌৰৱ আৰু পৰিচয়ৰ ওপৰত দলে যি মোক্ষম আঘাত হানিছিল তাৰ পৰিণতিতেই জন্ম লৈছিল কা-বিৰোধী প্ৰতিবাদে আৰু তাৰপাছত বিজেপিয়ে আকৌ এবাৰ অসমীয়া গৌৰৱ আৰু পৰিচয়ক ইতিকিং কৰাৰ ধৃষ্টতা কৰিছে। গুজৰাটী মামাই কয় অসমৰ ৰাইজৰ আশা-আকাংক্ষাৰ নামমাত্ৰও জ্ঞান নথকা দুজন মানুহে হেনো সিদ্ধান্ত কৰিব কোনে অসমক নেতৃত্ব দিব, যদিহে দলটোৱে জয়লাভ কৰে।

▪ কংগ্ৰেছে প্ৰদান কৰা ৫ গেৰাণ্টিৰ প্ৰতি ৰাইজে প্ৰকাশ কৰা বিশ্বাস আৰু আশাৰ বাবে বিজেপিয়ে যিহেতু এটা চৰম পৰাজয়ৰ পূৰ্বাভাস পাইছে, সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে বিজেপিৰ মিত্ৰদল ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেলে প্ৰচণ্ড হতাশাত ভুগি কৰা এটা কামত বিদ্ৰোহী সংগঠনসমূহৰ আত্মসমৰ্পণ কৰা কেডাৰসকলক হেনো সংগঠনত থকা তেওঁলোকৰ পদমৰ্যাদা অনুসাৰে স্থলসেনাবাহিনী আৰু অৰ্ধ-সামৰিক বাহিনীসমূহত চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছে। কেতিয়াৰ পৰা এটা ৰাজ্যিক ৰাজনৈতিক দলে প্ৰতিৰক্ষা বাহিনীসমূহত চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিব পৰা হ’ল? হতাশাত ভুগি মানুহক ভোটৰ বাবে বিভ্ৰান্ত কৰা কামৰেই ই হ’ল এটা উৎকৃষ্ট চানেকি। এই কথাত বিজেপি কিয় নীৰৱ হৈ আছে?

এইসমূহ গুৰুত্বপূৰ্ণ প্ৰসংগ দাঙি ধৰি কংগ্ৰেছ নেতাকেইগৰাকীয়ে কয় যে  এই আটাইবোৰে মাত্ৰ এটা সত্যৰেই ইংগিত দিয়ে। বিজেপিয়ে পৰাজয় স্বীকাৰ কৰিছে আৰু এতিয়া মুখলজ্জাৰপৰা হাত সাৰিবলৈ চেষ্টা কৰিছে। দূৰদৰ্শী, বাস্তৱসন্মত আৰু অসমৰ জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ প্ৰচেষ্টা জড়িত হৈ থকা কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ প্ৰতি ৰাইজে দিয়া শক্তিশালী সমৰ্থনে বিজেপিক এতিয়া নিজৰ কাৰ্যদক্ষতাৰ খতিয়ান-পত্ৰ তথা তেওঁলোকৰ হেডমাষ্টৰৰ মুখখন লুকুৱাই ৰখাৰ দৰে হতাশা-পৰিচালিত কামত প্ৰবৃত্ত হ’বলৈ উদগণি জনাইছে।

বিবৃতিটোত দাবী কৰা মতে, এইবাৰৰ নিৰ্বাচন হৈছে কংগ্ৰেছৰ গেৰাণ্টিসমূহ বনাম বিজেপিৰ অসম্পূৰ্ণ প্ৰতিশ্ৰুতিৰ ৰণ আৰু সমগ্ৰ অসমে এতিয়া ইয়াৰ অৱশ্যম্ভাৱী ফলাফল জলজল-পটপটকৈ দেখা পাইছে।

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd