NORTHEAST NOW (Assamese)

বিজেপিৰ বাতৰি কাকতত ওলোৱা বিজ্ঞাপনক হোলীৰ দিনা কৰা এক ধেমালি আখ্যা কংগ্ৰেছৰ

March 28, 2021 5:09 pm · জাহ্নৱী বৰুৱা
Updated: March 29, 2021 2:46 pm

দেওবাৰে ৰাজীৱ ভৱনত হোৱা এখন সংবাদমেলত বিজেপিয়ে বাতৰি কাকতত দিয়া বাতৰিৰ লেখীয়াকৈ দিয়া বিশেষ বিজ্ঞাপনটো সন্দৰ্ভত  ক্ষোভ উজালিৰে কংগ্ৰেছে।

” বিজেপিয়ে বাতৰি কাকতত দিয়া বিজ্ঞাপনটো হলীৰ দিনা কৰা এক ধেমালি।ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন শেষ নোহোৱাৰ আগতেই বিজেপিয়ে হাৰ মানিলে।সেইবাবে নিৰ্বাচন শেষ নোহোৱাৰ আগতেই এনে ধৰণৰ বিজ্ঞাপন বাতৰি কাকত বিপুল ভোটত জিকিম বুলি দিয়াটো অতিকৈ হাস্যজনক কথা।”  কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে বিজেপিৰ বিজ্ঞাপনক উদ্দেশ্যি  এনেদৰে কয়।

আনহাতে এই সন্দৰ্ভত কংগ্ৰেছৰ ন্যায়িক গোটৰ অধ্যক্ষ  নিৰন বৰাই মুখ্য নিৰ্বাচন আয়ুক্ত নীতিন খাৰেলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত “বিজেপিয়ে বাতৰিৰ আকাৰত দিয়া বিজ্ঞাপনটোৰে ভোটাৰক আহি থকা দুটা পৰ্যায়ৰ নিৰ্বাচনত প্ৰভাৱান্বিত  কৰিবলৈ বিছাৰিছে।

এনে ধৰণৰ বিজ্ঞাপন যাতে বাতৰি কাকত বা আন মাধ্যমত প্ৰকাশ নাপায় তাৰ ব্যৱস্থা কৰিবলৈও তেওঁ মুখ্য নিৰ্বাচন আয়ুক্তক আহ্বান জনায়।

লগতে এনে ধৰণৰ বিজ্ঞাপন প্ৰচাৰ আৰু প্ৰকাশ কৰাৰ বাবে বিজেপি আৰু সংশ্লিত কাকত কেইখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো তেওঁ দাবী উত্থাপন কৰে।

Related News