মাৰ্ঘেৰিটাৰ পঞ্চায়ত নিৰ্বাচনত শোচনীয় পৰাজয় দিশে কংগ্ৰেছ দল

প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ গৃহ পঞ্চায়ত এইবাৰ বিজেপিৰ দখলত

panchayat election

প্ৰতিনিধিত্বমূলক ফটো

১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছ দলে হেৰুৱালে দলটোৰ একচ্ছত্ৰী আধিপত্য৷ সমষ্টি টোৰ ১৮খন গাওঁ পঞ্চায়তৰ ভিতৰত  কংগ্ৰেছ দলৰ দখলত আছিল ১৪খন, বিজেপিৰ দখলত আছিল ৪ খন৷ অন্যহাতে ৪খন জিলা পৰিষদৰ আটাইকেইখনেই আছিল কংগ্ৰেছৰ দখলত৷ কিন্তু এই প্ৰতিবেদন যুগোটোৱা লৈকে ১৮খন পঞ্চায়ততে বিজেপি দলৰ আধিপত্য৷

বিধানসভা আসনখনৰ পাছত একালৰ প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ হাতৰ পৰা সৰকি গ’ল ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পঞ্চায়ত সমূহত থকা আধিপত্য৷ প্ৰাক্তন মন্ত্ৰী প্ৰদ্য্যুত বৰদলৈৰ গৃহ পঞ্চায়ত মাকুম পথাৰ গাওঁ পঞ্চায়ত মুখথেকেচা খালে কংগ্ৰেছে৷ এইবাৰ এই পঞ্চায়তটো দখল কৰিলে বিজেপিয়ে৷

গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল৷ অন্যহাতে বিধানসভাৰ আসন হেৰুৱাৰ পাছত পঞ্চায়ত ৰক্ষাৰ বাবে নিজে নিৰ্বাচনী প্ৰচাৰত জঁপিয়াই পৰিছিল প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈ৷ সেইদৰে বিধানসভাৰ আসন দখলৰ পাছত পঞ্চায়ত বিজেপিৰ হাতলৈ আনিবৰ বাবে মাৰাথন প্ৰচাৰ চলাইছিল বিধায়ক ভাস্কৰ শৰ্মাই৷

প্ৰতিৱেদন প্ৰস্তুত কৰা সময়লৈকে ঘোষণা হোৱা ফলাফলে বিজেপিলৈ কঢ়িয়াই আনিছে  সু সংবাদ৷ বিভিন্ন ৱাৰ্ডত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জয়ৰ মুখ দেখিছে যদিও সামগ্ৰিকভাৱে পঞ্চায়ত দখল কৰিছে বিজেপিয়ে৷ মাত্ৰ এখন পঞ্চায়ত এই সময়লৈকে কংগ্ৰেছ দলৰ দখললৈ আহিছে৷ বাতৰি প্ৰস্তুত কৰা সময়লৈকে মাৰ্ঘেৰিটা সমষ্টিটোৰ ফলাফল ক্ৰমে বৰগোলাই, জাগুন, পুৰণি পুখুৰী, লেখাপানী, মাকুম পথাৰ, শামুকজান গাওঁপঞ্চায়ত বিজেপি দখলত  আৰু কংগ্ৰেছ দলে ব্ৰহ্মজান, ভিতৰ পাৱৈ গাওঁপঞ্চায়ত দখল কৰিছে। অৱশ্যে এতিয়াও বহু কেইখন পঞ্চায়তৰ ভোট গণনা আৰম্ভ হোৱা নাই৷