‘বিদেশীক আশ্ৰয় দিয়া আইনৰ কথা কোৱা কংগ্ৰেছৰ নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰাৰ অধিকাৰ নাই’

WhatsApp Image 2019-04-20 at 12.56.49 PM

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই আজি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক কঠোৰ সমালোচনা কৰি বিদেশীক আশ্ৰয় দিয়া আইনৰ কথা কোৱা কংগ্ৰেছৰ নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰাৰ অধিকাৰ নাই বুলি কয়।

জয়ন্ত মল্ল বৰুৱাই কয় যে, নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ মুখত নাগৰিকত্ব বিধেয়কৰ কথা বৰকৈ শুনিবলৈ পোৱা গৈছে কিন্তু তেওঁলোকৰ দলৰ ইস্তাহাৰত স্পষ্টকৈ আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ সহায় লৈ হলেও নিৰ্যাতিত বিদেশীক আশ্ৰয় দিয়া আইন (Law of Asylum) কথা উল্লেখ আছে।

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকা আইন খনৰ কথা।

বিজেপিৰ মুখপাত্ৰ জনে সংবাদ মাধ্যমত কংগ্ৰেছৰ ইস্তাহাৰখনৰ কথা উনুকিয়াই কয় কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ ১৬ নং ইছ্যুত উল্লেখ আছে যে ‘Congress promises to pass a law on Aslyum consistent with International treaties and convention’, তেনে ক্ষেত্ৰত কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ কোনো অধিকাৰ নাই।

কংগ্ৰেছক সমালোচনা কৰি বিজেপি নেতাগৰাকীয়ে কংগ্ৰেছে অসমখনক ৰোহিংগীয়াৰ ঘাটি কৰিব বিচাৰিছে নেকি নে সন্ত্ৰাসবাদৰ ঘাটি বনাব বিচাৰিছে উত্তৰ দিয়াৰ বাবে প্ৰত্যাহবান জনায়।

আনহাতে, কংগ্ৰেছে ইস্তাহাৰত উল্লেখ কৰা আন্তঃৰাষ্ট্ৰীয় আইনখন অষ্ট্ৰেলিয়াৰ দৰে দেশে বিৰোধিতা কৰিছে। ৰাষ্ট্ৰসংঘই এই আইনখন মানি ল’লে ভাৰত বৰ্ষই সকলো প্ৰান্তৰ পৰা অহা লোকক আইনী অধিকাৰ দিব লাগিব। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সময়সীমা আছে ২০১৪চনৰ আগত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা লোকসকলকহে ভাৰতত সংস্থাপন দিয়া হ’ব । ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ আমাৰ দেশলৈ অহাসকলক আমি শৰণাৰ্থী বুলি ক’ব নিবিচাৰো, সেইসকলক সংস্থাপন দিয়াটো আমাৰ দায়িত্ব বুলি মুখপাত্ৰগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।

আকৌ, তৰুণ গগৈয়ে হিমন্ত বিশ্বৰ নৃত্যক লৈ কৰা সমালোচনাৰ উত্তৰ দি বৰুৱাই কয় যে তৰুণ গগৈয়ে সন্দিকৈ কলেজৰ ছোৱালীসকলৰ সৈতে নচাৰ কথা পাহৰি গ’ল নেকি বুলি কয়। তৰুণ গগৈয়ে বিজেপিৰ বিশাল পদযাত্ৰাক লৈ শংকিত হোৱাৰ বাবে প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে বুলি কটাক্ষ কৰে জয়ন্ত মল্ল বৰুৱাই।