সৰুক্ষেত্রীৰ বেতবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ : ভোট দিবলৈ ৰাইজক আহ্বান বিধায়ক জাকিৰ হুছেইনৰ

IMG-20181204-WA0011

দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত কেইটামান দিন বাকী থকাৰ সময়তে  তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমুহ। ইয়াৰ মাজতে ৩৫ নং উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ সভানেত্রী, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩  নং বেতবাৰী জিলা পৰিষদৰ সদস্যা পদৰ বাবে ৰণ-কৌশল আৰম্ভ কৰিছে ভাৰতীয় জাতীয়  কংগ্ৰেছ দলে। উক্ত পঞ্চায়তখনত এইবাৰ ইউ ডি এফৰ লগত মূল যুঁজখন হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে।

সৰুক্ষেত্রী সমষ্টিৰ কংগ্ৰেছী বিধায়ক  জাকিৰ  হুছেইন শিকদাৰৰ নেতৃত্বত আটাইকেইজন কংগ্ৰেছ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ’ব বুলি একাংশ কংগ্ৰেছ কৰ্মীয়ে দাবী কৰিছে। যাৰ বাবে গাঁৱে-ভূঞে সকলোতে জপিয়াই পৰিছে কংগ্ৰেছ কৰ্মী সকল। সভা-সমিতি আৰু বাইক ৰেলীৰ জৰিয়তে সাধাৰণ ভোটাৰ ৰাইজক চমক দেখুৱাবলৈ পুৰ্ণ চেষ্টা চলাইছে কংগ্ৰেছৰ কৰ্মীসকলে।

ইফালে, বিধায়ক জাকিৰ হুছেইন শিকদাৰেও জিলা পৰিষদৰ সদস্যা মনতাজ বেগম, পঞ্চায়ত সভানেত্রী ইয়াছমিনাৰা বেগম আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য টংকেশ্বৰ আৰ্য্যৰ হৈ  উক্ত পঞ্চায়তখনৰ চুকে কোনে সভা-সমিতিত অংশগ্ৰহণ কৰি উদাত্ত ভাষণেৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। সৰুক্ষেত্রী সমষ্টিৰ অন্তৰ্গত আটাইকেইখন পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজলৈ অহ্বান জনায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে।