• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুৰিদিনীয়া জন্মোৎসৱৰ সময়তে প্ৰধানমন্ত্ৰী মোদীৰ বিশ টা প্ৰধান ব্যৰ্থতা উদঙালে কংগ্ৰেছে

"নিমাতীঘাটৰ সকৰুণ মৃত্যুৰ বেদনা মাৰ নৌযাওঁতেই প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনৰ নামত ২০ দিনীয়া কাৰ্যসূচী কিয়?": ৰাণা গোস্বামী

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 18, 2021 4:11 pm
202
VIEWS
Share on FacebookShare on Twitter

নিমাতীঘাটৰ সকৰুণ মৃত্যুৰ বেদনা বুকুত স্পন্দিত হৈ থাকোতেই, চকুলোৰ কৰাল মচ নৌযাওঁতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০ দিনীয়া জন্মোৎসৱ পালনৰ নামত যি আড়ম্বৰপূর্ণ আয়োজন বিজেপিয়ে হাতত লৈছে, এনে পদক্ষেপক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অপ্ৰয়োজনীয়, আৰু অপ্ৰাসঙ্গিক আখ্যা দিছে।  সাধাৰণ জনতাৰ দুখ-যন্ত্ৰণা, আশা-আকাংক্ষাৰ খবৰ নৰখা চৰকাৰখনক কংগ্ৰেছে ধিক্কাৰ দিছে।

কংগ্ৰেছে কয় যে লুইতৰ বুকুত অকাল মৃত্যুক আঁকোৱালি লোৱা লোকৰ আত্মীয়ৰ ক্ৰন্দন নিমাতীঘাটত মাৰ যোৱাই নাই, চকুপানী শুকাই যোৱাই নাই, অসমৰ জনগণে পাহৰিব পৰা নাই সৌ সিদিনা লুইতৰ বুকুত জাহ যোৱা লোকৰ মৃতদেহবোৰৰ কথা, কিন্তু এনে এক সকৰুণ সময়তে আৰম্ভ হৈ গল প্ৰধান মন্ত্ৰীৰ ২০ দিনীয়া জন্মোৎসৱ!

আচলতে বিজেপিয়ে ক্ষমতাৰ ৰাগীত পাহৰি গ’ল  দুখ যন্ত্ৰণাত থকা সাধাৰণ জনতাৰ কথা। কংগ্ৰেছে প্ৰশ্ন কৰে ক্ষমতাত মানুহে মানৱতা পাহৰি যায় নেকি?

কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে কয়—‘প্ৰধানমন্ত্ৰীৰ ২০ দিনীয়া জন্মোৎসৱ পালনৰ বাতৰিয়ে আমাক কিছুমান কথা মনত পেলাই দিয়াৰ লগতে বিশেষকৈ ২০১৩ চনৰ পৰা তেখেতে দি অহা ভাষণ আৰু কৰি অহা কামৰ মূল্যায়ণ কৰিবলৈ উদগণি দিছে। সেয়ে আমি দেখা পাইছো তেখেতৰ ভাষণ আৰু কৰ্মৰ মাজত আকাশ পাতাল সদৃশ পাৰ্থক্য’।

সাধাৰণ জনতাৰ খাদ্য বস্ত্ৰ বাসস্থানৰ ওপৰত আজি চিন্তাৰ অৱকাশ নাই। চৰকাৰে  হিতাধিকাৰী সৃষ্টিৰে সকলো সমস্যা সমাধান কৰিবলৈ ওলোৱাৰ সময়ত এই ২০ দিনীয়া জন্মোৎসৱ পালন কিমান প্ৰয়োজনীয়!

গোস্বামীয়ে কয়—‘আমি ইয়াত মাত্ৰ তেখেতৰ ভাষণৰ মাজেদি ৰাইজক দিয়া ২০ টা ব্যর্থ প্ৰতিশ্ৰুতি উল্লেখ কৰিম,  কিন্তু ইয়াৰ আগতে তেখেতৰ এই প্ৰধান ব্যৰ্থতা আৰু ভাৰতীয় ইতিহাসত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে নকৰা কাৰ্যটো জনাব বিচাৰিছো, সেয়া হৈছে ৰিজার্ভ বেংকৰ পৰা ধন উলিয়াই নিয়া।

– ১৯৬২ চনত চীনৰ বিৰুদ্ধে আমাৰ দেশে যুদ্ধ কৰিব লগা হৈছিল, সেইদৰে

-১৯৬৫ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ

-১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ

-১৯৯৯ চনত পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধ

এনে যুদ্ধৰ সময়তো ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে ৰিজাৰ্ভ বেংকৰ পৰা এটা টকাও উলিয়াই অনা নাছিল।

ইয়াৰ লগতে বিশ্বত ভিন ভিন সময়ত হোৱা মহামাৰীয়ে আমাৰ দেশতো তীব্ৰ প্ৰভাব ইয়াৰ আগতেও পেলাইছিল, কিন্তু এইদৰে ৰিজার্ভ বেংকৰ জমা টকা ইয়াৰ আগতে কোনো এজন প্ৰধান মন্ত্ৰীয়ে উলিয়াই নি খৰছ কৰা নাছিল। কিন্তু আজি দেশৰ অৰ্থনৈতিক অৱস্থা কি আৰু প্ৰধানমন্ত্ৰীয়ে কৰিছে কি?

২০১৯ চনত ৰিজাৰ্ভ বেংকৰ পৰা ১,৭৬,০০,০০০ কোটি টকা আৰু ২০২১ চনত ৰিজাৰ্ভ বেংকৰ পৰা ৯৯,১২২ কোটি টকা উলিয়াই আনিছে। ৰাণা গোস্বামীয়ে প্ৰশ্ন কৰে— কোনে উলিয়াই আনিছে এই টকা ? কিয় উলিয়াই আনিছে ? কেইখন যুদ্ধ কৰিবলৈ উলিয়াই আনিছে ?  কি খাবলৈ উলিয়াই আনিছে ? কিহত উঠি ফুৰিবলৈ উলিয়াই আনিছে?

প্ৰধানমন্ত্ৰী মোদীৰ বিশ টা প্ৰধান ব্যৰ্থতা ৰাণা গোস্বামীয়ে এনেদৰে উল্লেখ কৰে—

১) ২০১৩ চনত আজিৰ প্রধান মন্ত্ৰী জনে সেই সময়ৰ প্ৰধান মন্ত্ৰী জনক প্ৰশ্ন কৰিছিল, ডলাৰতকৈ ভাৰতীয় টকাৰ মূল্য কম কিয়? কিন্তু এতিয়া প্ৰধানমন্ত্ৰী হৈ মোডীয়ে টকাৰ মূল্য কিমান বঢ়ালে? আজি দেশৰ অৰ্থনৈতিক অৱস্থা কত? এতিয়া দেশৰ  GDP প্রায় -৮ হল।

২) ২০১৩-১৪ চনত অর্থাৎ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে মোডী ডাঙৰীয়াই বিদেশী বিনিয়োগৰ তীব্ৰ বিৰোধীতা কৰি সেই সময়ৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙক  তীব্ৰ কটাক্ষ কৰিছিল, কিন্তু এতিয়া তেখেতে এই ক্ষেত্ৰত কি কৰিছে সকলোৱে জানে।আজি প্ৰায় এশ শতাংশ বিদেশী বিনিয়োগকাৰীৰ বাবে দেশখনক মুকলি কৰি দিছে।

৩) ২০১৩-১৪ চনত মোডী ডাঙৰীয়াই তেতিয়াৰ প্রধানমন্ত্রী মনমোহন সিঙ ডাঙৰীয়াক পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবে জগৰীয়া কৰিছিল, কিন্তু আজি প্ৰধানমন্ত্ৰী মোডীৰ দিনত পেট্ৰল অথবা ডিজেলৰ মূল্য কিমান? এতিয়া দেশৰ জনতাই তেখেতক কিয় জগৰীয়া নকৰিব?

৪) ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে প্ৰধান মন্ত্ৰীয়ে দিয়া আশ্বাস ধোঁৱা চাঙত বহুৱালে, এই কথা এতিয়া তেখেতক আমি কিয় প্ৰশ্ন কৰি নুসুধিম?

৫) নিজকে চাহ বেপাৰ কৰা বুলি কোৱা জনে আজি নিম্নবিত্ত বা মধ্যবিত্তৰ বাবে কি আঁচনি আনিছে? দেশত আজি দৰিদ্রতাৰ হাৰ বৃদ্ধিত হিতাধিকাৰী সৃষ্টি কৰাৰ বাহিৰে আন কি কৰ্ম সংস্থাপনৰ আচনি ললে বুলি আমি প্ৰশ্ন কিয় নকৰিম।

৬) চুইচ বেংকত জমা থকা কলা ধন আনি ১৫ লাখকৈ প্ৰতিজন ভাৰতীয়ক দিব পাৰিব বুলি কোৱা প্ৰধানমন্ত্ৰী জনে এই ক্ষেত্ৰত কিয় পদক্ষেপ লোৱা নাই? আৰু কিয় ১৫ লাখকৈ দিয়া নাই?

৭) দেশৰ ৰাজহুৱা খণ্ড বিক্ৰী কৰি দেশ চলাবলৈ লোৱা প্ৰধানমন্ত্ৰী জনে জনহিতৰ বাবে কেইটা ৰাজহুৱা খণ্ড প্ৰতিষ্ঠা কৰিলে, সেই কথা আজি কিয় নুসুধিম?

৮) দেশত আজি ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত প্ৰায় ৫ লাখ লোকে কৰ্মসংস্থাপন হেৰুৱালে, তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কি পদক্ষেপ ললে?

৯) বছৰে  ২ কৌটি নিবনুৱাক সংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰী জনে যোৱা বছৰ সমূহত কিমান নিবনুৱাক সংস্থাপন দিলে?

১০) লাভত চলি থকা দেশৰ বিমান বন্দৰ কি কাৰণত ব্যক্তিগত খণ্ডৰ হাতত অৰ্পন কৰিছে, সেই প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ হাতত আছে নে?

১১) প্ৰতিযোগিতা নথকা খণ্ড যেনে ৰেল খণ্ডক ব্যক্তিগত খণ্ডক দিব বিচৰা প্ৰধানমন্ত্ৰী জনেই আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা নাছিল নে? আজি দেশ বা দেশৰ জনতাক সচা অৰ্থত প্ৰধান মন্ত্ৰী জনে আত্মনিৰ্ভৰ কৰিব পাৰিছে নে?

১২) প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে মোডী ডাঙৰীয়াই সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে দেশৰ উন্নতি সাধন কৰিব পৰা নাই বুলি সমালোচনা কৰিছিল, কিন্তু আজি মোডী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হৈ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্ম টিকটৰ হাৰ ৩ টকাৰ পৰা ৫০ টকালৈ বৃদ্ধি কৰাৰ দৰে  সকলোতে কৰৰ নিৰিখৰ উর্ধমূখী উন্নয়ন সাধন কৰাত বাহিৰে আন কি উন্নয়ন সাধাৰণ জনতাৰ বাবে  কৰিছে?

১৩) ২০১৪ চনৰ ১৬ মে তাৰিখৰ পিছতে অসমৰ পৰা বাংলাদেশী খেদি পঠাব বুলি প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰীয়ে এতিয়া CAA ৰ জৰিয়তে বিদেশীক অসমত সংস্থাপন দিবলৈহে উঠি পৰি লাগিছে।

১৪) ২০১৬ চনত নিৰ্বাচনী ভাষণত মাজুলী যোৰহাট সংযোগী দলং পাঁচ বছৰত বনাম বুলি কোৱা প্ৰধানমন্ত্ৰী জনৰ কাৰ্যকালত দুবাৰ শিলান্যাস কৰিও আজিলৈ দলঙৰ কাম আৰম্ভ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী জনক ব্যর্থ বুলি নক’ম নে?

১৫) A for Assam বুলি উৎসাহ দিয়া প্ৰধানমন্ত্ৰী জনে অসমৰ বাবে কি কৰিলে? গুৱাহাটীক স্মাৰ্ট চিটি সজাব খোজা প্ৰধানমন্ত্ৰী জনে আজিলৈ গুৱাহাটীৰ পানী সমস্যাকে সমাধান কৰিব নোৱৰিলে।

১৬) ২০১৪ চনত বিজেপিয়ে কৈছিল, অসমত সংঘটিত হোৱা লুইচ বার্জাৰ কেলেংকাৰীৰ তদন্ত কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু বিজেপিৰ দ্বিতীয় কার্যকালটো এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা দেখা পোৱা নাই। বৰং সেই সময়ত বিজেপিয়ে অভিযোগৰ আঙুলি দেখুওৱা জনেই আজি বিজেপিৰ কৃপাধন্য হৈ বিজেপিৰ সর্বেসর্বা।

১৭) ব্ৰহ্মপুত্ৰ খনন আৰু ইয়াৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নির্মাণ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী কৰিব নোৱাৰিলে কিয়?

১৮) অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে লোৱাৰ প্ৰতিশ্ৰুতি দি আজিও প্ৰধানমন্ত্ৰী জনে এই ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই কিয়।

১৯) অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলিকৈ আজিও এই বিষয়ত কোনো ফলপ্ৰসূ সিদ্ধান্ত নলৈ মাত্ৰ কিছুমান কমিটি গঠন কৰি সাধাৰণ জনতাক আভুৱা ভৰাই আছে কিয়।

২০) অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত কোনো পদক্ষেপ কিয় গ্ৰহণ কৰিব পৰা নাই।

এনেদৰে এটাৰ পাছত এটাকৈ প্ৰতিশ্ৰুতি দি পালন কৰিব নোৱাৰা ব্যর্থ প্ৰধানমন্ত্ৰী জনৰ জন্ম দিন হিচাপে কৰোণা মহামাৰীৰ কবলত পৰি লক ডাউনত কৰ্ম সংস্থাপন হেৰুৱাই দিশহাৰা হৈ পৰা জনতাই মূল্যবৃদ্ধিৰ বোজা মূৰত লৈ  ২০ দিনীয়া জন্মোৎসৱ পালন কৰাৰ কি অৰ্থ আছে?

হঠাৎ বিমুদ্রাকৰণৰ সিদ্ধান্ত লৈ দেশৰ কলাধন নাইকীয়া কৰিবলৈ বিচৰা জনে এই ক্ষেত্ৰত ব্যর্থ হৈ জয় শ্বাহৰ দৰে কেইজনমান নব্য পুঁজিপতিৰ সৃষ্টি কৰাত বাহিৰে দেশৰ মূল ধন ঘূৰাই আনিবলৈও সক্ষম নহল।

এতিয়া জনতাৰ পৰা আদায় কৰা বৰ্ধিত কৰ, পেট্ৰল, ডিজেল, গেছ আৰু মদৰ টেক্সেৰে দেশ চলাই থকা প্ৰধানমন্ত্ৰীৰ একমাত্ৰ লক্ষ্য আদানী আৰু আম্বানীৰ উন্নয়ন।

হিচাপ আছেনে, বিমুদ্রাকৰণ, আৰু পৰিকল্পনাহীন ২০২০ চনৰ লক ডাউনকে আদি কৰি শাসনভাৰ লোৱাৰ পৰা এতিয়ালৈকে দেশৰ নাগৰিক কিমান মৰিল?

এতিয়া আমি কি সুখত আনন্দেৰে পালন কৰিম এইজনা প্ৰধানমন্ত্ৰীৰ জনমদিন ২০ দিন ধৰি? এই প্ৰশ্ন কৰিছে কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীয়ে।

Recent News

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd