• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰামদেৱৰ ‘পতঞ্জলি’ৰ ‘ৰুচি ছয়া’ক ধনী কৰিবলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংস কৰিব খুজিছে মোদী চৰকাৰে- প্ৰদ্যুৎ বৰদলৈ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
February 24, 2022 6:16 pm
WhatsApp Image 2022-02-24 at 4.51.10 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰামদেৱৰ ‘পতঞ্জলি’ৰ ‘ৰুচি ছয়া’ক ধনী কৰিবলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংস কৰিব খুজিছে মোদী চৰকাৰে। বৃহস্পতিবাৰে এক সংবাদমেলত এইদৰে দাবী কৰে কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

সাংসদ বৰদলৈয়ে কয়, “সকলোৱে জনা কথা যে আজিৰ ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ কেবল তিনিজন পুঁজিপতিৰ স্বাৰ্থতহে সকলো কাম কৰে। এই তিনিজনক ধনী কৰাটোৱেই যেন মোদী ডাঙৰীয়াৰ একমাত্র লক্ষ্য। সেই তিনিজন ‘মহাসৌভাগ্যৱান’ পুঁজিপতি হ’ল-আদানি,আম্বানী আৰু ৰামদেৱ।‘’

দেশত আৰু বিশেষকৈ উত্তৰ-পূব ভাৰতত ব্যাপক হাৰত তৈল খেজুৰ বা Palm Oil ৰ খেতি কৰিবলৈ কেন্দ্ৰই লোৱা সিদ্ধান্তৰ আঁৰতো এইসকল চহকী হোৱাৰ কথাটোৱে আছে বুলি দাবী কৰে বৰদলৈয়ে।

তেওঁ কয়, ‘’নক’লেও হ’ব যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বহল পৰিসৰত তৈল খেজুৰ বা Palm Oil খেতি কৰিবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই ভয়াবহ ইংগিত কঢ়িয়াই আনিছে।”

তাৎপর্যপূর্ণভাৱে শেহতীয়া কেন্দ্রীয় বাজেটত (২০২২-২৩) কেবল উত্তৰ-পূৰ্বাঞ্চলত এই খেতিৰ সম্প্ৰসাৰণৰ বাবে ১,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে। বিশ্বত এই তৈল খেজুৰ বা Palm Oil ৰ খেতি এতিয়ালৈকে আটাইতকৈ বেছিকৈ কৰি আছে ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু দক্ষিণ আমেৰিকাই।

সেইদৰে, শ্রীলংকাই কিছুবছৰৰ পৰা এই তৈল খেজুৰৰ খেতি কৰিবলৈ লৈছিল যদিও তাৰ ভয়াবহ প্ৰভাৱ দেখি এতিয়া দেশখনত সেই খেতি বন্ধ কৰি দিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। মিজোৰামত তৈল খেজুৰ বা Palm Oil ৰ খেতি কৰি ইতিমধ্যে ৰাজ্যখনে তাৰ কুফল ভুগিবলৈ আৰম্ভ কৰিছে।

এই সন্দৰ্ভত বাখ্যা আগবঢ়াই সাংসদ বৰদলৈয়ে কয় যে ভাৰতবৰ্ষত খোৱা তেল, যেনে-সঁৰিয়হৰ তেল বা ছানফ্লাৱাৰ অথবা তেনে খোৱা তেলৰ বিপুল পৰিমাণৰ চাহিদা আছে। কিন্তু সেই অনুপাতে সঁৰিয়হ, ছানফ্লাৱাৰ বা অন্য খোৱাতেল উৎপাদনত ব্যৱহৃত কৃষিজাত সামগ্ৰীৰ উৎপাদন কম। সেয়ে খোৱাতেলৰ সেই চাহিদা পূৰণ কৰিবলৈ আমাৰ দেশে বিপুল পৰিমাণৰ তৈল খেজুৰ বা Palm Oil অন্য উৎপাদনকাৰী দেশৰ পৰা আমদানি কৰি আনি খোৱা তেলৰ লগত মিহলি কৰি (ঠিক পেট্র’ল বা ডিজেলৰ লগত এতিয়া ইথানল’ মিহলাই বিক্ৰী কৰাৰ দৰে) বিক্ৰী কৰা হৈ আছে দেশৰ জনতাক।

এই উদ্দেশ্যৰে বৃহৎ পৰিমাণৰ তৈল খেজুৰ বা Palm Oil আমদানি কৰা ভাৰতৰ প্ৰতিষ্ঠান কেইটাৰ শীৰ্ষত আছে ৰামদেৱৰ ‘ৰুচি ছয়া’, তাৰ পিছতে আছে আদানিৰ প্রতিষ্ঠান আৰু একেবাৰে শেষত অতি কম পৰিমাণে আমদানি কৰা প্রতিষ্ঠানটো হ’ল ইমামী’ কোম্পানী।

এই প্ৰসংগতে সাংসদগৰাকীয়ে উনুকিয়াই দি কয়, ‘’সকলোৰে মনত আছে যে ২০০৭ চনত কংগ্ৰেছ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে উত্তৰ-পূব ঔদ্যোগিক আৰু বিনিয়োগ বিকাশ নীতি ঘোষণা কৰি সমগ্ৰ অঞ্চলটোক ঔদ্যোগিকৰণৰ দিশে আগবঢ়াই নিবলৈ এক অভিলাষী আঁচনি কৰিছিল। ১০ বছৰৰ বাবে প্ৰৱর্তন কৰা এই আঁচনিৰ দ্বাৰা অঞ্চলটোৰ উদ্যোগসমূহে বিভিন্ন ৰাজসাহায্য লাভ কৰিছিল যাতে উদ্যোগসমূহ স্বনির্ভৰশীল অৱস্থা এটাত উপনীত হ’ব পাৰে।‘’

‘’কিন্তু ২০১৪ চনত বিজেপিৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰে ক্ষমতা দখল কৰাৰ পিছতে কোনো কাৰণ নোহোৱাকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক খণ্ডক বিপদগ্রস্ত কৰি হঠাৎ এই উত্তৰ-পূব ঔদ্যোগিক আৰু বিনিয়োগ বিকাশ নীতি ৰদ কৰি দিলে,’’-বৰদলৈয়ে কয়।

সাংসদ বৰদলৈয়ে এই কথা সদৰী কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ শাসনকালত শোণিতপুৰৰ বালিপৰাত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্যৰে প্রায় ৭০০ বিঘা মাটিত বৃহৎ ঔদ্যোগিক বিকাশ কেন্দ্ৰ স্থাপন কৰি উত্তৰ অসমৰ ঔদ্যোগিকৰণৰ দিশত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ২০১৬ চনত বিজেপি চৰকাৰ ক্ষমতাত বহিয়েই তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধুমধামেৰে অনুষ্ঠান পাতি সেই ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ ৭০০ বিঘা মাটি ৰামদেৱৰ ‘পতঞ্জলি’ক পানীৰ দৰত গতাই দিলে আৰু তাত ৰামদেৱৰ ‘পতঞ্জলি’য়ে উৎপাদন কেন্দ্ৰ বহুৱাব, অসমৰ শ শ যুৱক-যুৱতীয়ে তাত সংস্থাপন পাব বুলিও ৰাজহুৱাকৈ ঘোষণা কৰিলে।

আনহাতে, ‘পতঞ্জলি’ উদ্যোগৰ নামত বালিপৰাত কেইটামান সৰু সৰু ‘শ্বেড’ নিৰ্মাণ কৰি হৰিদ্বাৰত থকা পতঞ্জলি মূল উদ্যোগত প্রস্তুত কৰা কেইপদমান ‘পেকেজড’ সামগ্ৰীৰ কেবল ‘লেবেল’টো বালিপৰাৰ ‘শ্বেড’ত আঠা লগাই সেয়া অসমৰ উদ্যোগৰ উৎপাদন বুলি দেখুৱাই ৰামদেৱে বৃহৎ পৰিমাণৰ ৰাজসাহায্য লুটি নিয়াৰ অংক কৰিলে।

সাংসদ বৰদলৈৰ অভিযোগ যে ৰামদেৱৰ পূর্ব-পৰিকল্পিত চক্ৰান্তৰ অংশীদাৰ হিচাপে নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত হঠাৎ বন্ধ কৰি দিয়া উত্তৰ-পূব ঔদ্যোগিক আৰু বিনিয়োগ বিকাশ নীতিৰ ম্যাদ (২০১৭ চনৰ ৩১ মাৰ্চত ম্যাদ শেষ হ’বলীয়া) শেষ হ’বলৈ তিনিমাহমান থকা অৱস্থাত পুনৰ আৰম্ভ কৰি দিলে যাতে ৰামদেৱে অসমত উদ্যোগ প্রতিষ্ঠা কৰি উৎপাদন কৰি থকা বুলি দেখুৱাই শ শ কোটি টকা অসমৰ পৰা ঔদ্যোগিক ৰাজসাহায্যৰ নামত লুণ্ঠন কৰি নিয়াত সফল হয়।

এইবাৰো উত্তৰ পূৰ্বাঞ্চলৰ বাবে তৈল খেজুৰ বা Palm Oil খেতিৰ শিতানত বাজেটত ধার্য কৰা ১,৫০০ কোটি টকাক লক্ষ্য কৰিয়ে পুনৰ ষড়যন্ত্র ৰচিত হৈছে।

বৰদলৈৰ অভিযোগ, ‘’প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পছন্দৰ আৰু ‘গোপন বুজাবুজি’ৰ পৰিণতিত তৈল খেজুৰ বা Palm Oil ৰ সৰ্বাধিক আমদানিকাৰক হিচাপে ৰামদেৱ আৰু তেওঁৰে এটা প্রতিষ্ঠান ‘ৰুচি ছয়া’ক উত্তৰ-পূৰ্বাঞ্চলৰ তৈল খেজুৰ খেতিৰ বাবে অগ্রাধিকাৰ ভিত্তিত বাছনি কৰিব আৰু পুনৰ ব্যাপক লুণ্ঠনৰ জৰিয়তে শ শ কোটি টকা ৰাজহুৱা ধন আত্মসাৎ কৰিব।‘’

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm
পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd