• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰণৱ গগৈ লৈ ৰাজীৱ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি; স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰিল তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 4, 2020 8:22 pm
Pranab Gogoi

প্ৰণৱ গগৈ লৈ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি

861
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ ৰাজীৱ ভৱনত জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰণৱ কুমাৰ গগৈ লৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ লগতে অন্যান্য কংগ্ৰেছী নেতা কৰ্মীসকলে।

হেলথ চিটি হাস্পতালৰ পৰা পোনে পোনে বিধানসভালৈ অনা হয় গগৈৰ নশ্বৰ দেহ। তাৰ পাছত ৰাজীৱ ভৱনলৈ অনা হয় প্ৰবীণ কংগ্ৰেছী নেতাগৰাকীৰ নশ্বৰ দেহ।

দীঘলীয়া সময় ৰাজনৈতিক ক্ষেত্ৰখনত একেলগে কাম কৰি অহা গগৈৰ মৃত্যুত শোকত ভাঙি পৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

গগৈয়ে অতীত মধুৰ স্মৃতি সুঁৱৰি বিশ্ববিদ্যালয়ত একেলগে অধ্যয়ন কৰাৰ পৰা যুৱ কংগ্ৰেছতো একেলগে ৰাজনীতি কৰা বুলি মন্তব্য কৰি স্মৃতি ৰোমন্থন কৰে।

ইয়াৰোপৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত প্ৰণৱ গগৈয়ে তেওঁক বহু সহায় কৰিছিল বুলি উল্লেখ কৰে।

“বেয়া দিনটো কংগ্ৰেছ দলটো ধৰি ৰাখি তেওঁ শক্তিশালী কৰিবলৈ প্ৰয়াস কৰিছিল। অসমীয়াৰ সংজ্ঞা, খিলঞ্জীয়াৰ সংজ্ঞাৰ বাহিৰেও অধ্যক্ষ হিচাপে তেওঁ বহু পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁৰ নাম সদায় জিলিকি থাকিব। অতি দক্ষতাৰে তেওঁ অধক্ষৰ দায়িত্ব পালন কৰিছিল, তাক লৈ আমিও গৌৰৱ কৰোঁ।” গগৈয়ে এইদৰে কয়।

তেওঁ আৰু কয় “তেওঁক আমাৰ লাইখুটা বুলি ভাবোঁ। তেওঁ মোৰ বন্ধু আছিল, তেওঁৰ গাম্ভীৰ্যতা অসমবাসীয়ে স্বীকাৰ কৰিছে।”

আনহাতে, গুৱাহাটীৰ পৰা পোনে পোনে শিৱসাগৰলৈ নিজ গৃহলৈ লৈ যোৱা হয় প্ৰণৱ গগৈৰ নশ্বৰ দেহ।

উল্লেখযোগ্য যে,  সোমবাৰে নিশা প্ৰায় ১০.৪০ বজাত গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত মৃত্যু হয় প্ৰণৱ কুমাৰ গগৈৰ।

বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল শিৱসাগৰ সমষ্টিৰ প্ৰাক্তন বিধায়কজন।

সোমবাৰে দুপৰীয়া চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল।

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd