শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বনৰ প্ৰস্তাৱ কংগ্ৰেছ বিধায়িনী দলৰ

Sherman Ali Ahmed

বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক অৱশেষত কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰাৰ প্ৰস্তাৱ দিলে কংগ্ৰেছ বিধায়িনী দলে। আজি নিশা প্ৰদেশ কংগ্ৰেছে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে, শ্বেৰমান আলী আহমেদ গ্ৰেপ্তাৰ হোৱাৰ পিছত কংগ্ৰেছ বিধায়িনী দলে জৰুৰী বৈঠকৰ আয়োজন কৰিছিল ৷ এই বৈঠকতে কংগ্ৰেছ বিধায়িনী দলে শ্বেৰমান আলীক নিলম্বনৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ বৈঠকত APCCৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইনসহ কংগ্ৰেছৰ বিধায়কসকল উপস্থিত থাকে।

বিধায়িনী দলৰ বৈঠকৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক’লে- ‘প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ মতে আজি আমাৰ বিধায়িনী দলৰ বৈঠক আয়োজন কৰো৷ এই বৈঠকত বিৰূপ মন্তব্য কৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক আমি বিধায়িনী দলে প্ৰস্তাৱ দিছো৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে এই বিষয়ত সিদ্ধান্ত ল’ব৷’

বৈঠকৰ অন্তত ভূপেন বৰাই কয় যে, ‘বিধায়িনী দলৰ প্ৰস্তাৱ আমি পাইছো। আজি আমি নিশা তিনিজন APCCৰ কাৰ্যকৰী সভাপতি আৰু দুজন সাধাৰণ সম্পাদকৰ সৈতে আলোচনাত মিলিত হম৷ এই আলোচনাতে শ্বেৰমান আলীৰ সন্দৰ্ভত সিদ্ধান্ত লম৷ দলীয় সংবিধান মতে ব্যৱস্থা লোৱা হ’ব৷ শ্বেৰমান আলী আহমেদক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল৷ আজি উত্তৰ দিয়াৰ শেষ দিন৷ উত্তৰ নাপালে আমি ব্যৱস্থা লম৷’

উল্লেখ্য যে বহু সময়ত শ্বেৰমান আলী আহমেদে বিতৰ্কিত বক্ত্যব্যৰে লাইমলাইটত আহিছে। আহমেদৰ বিতৰ্কিত মন্তব্যই কংগ্ৰেছ দলৰ ক্ষতি সাধন কৰাৰ অভিযোগত কংগ্ৰেছ বিধায়িনী দলে শ্বেৰমান আলীৰ নিলম্বনৰ প্ৰস্তাৱ লোৱা বুলি জানিব পৰা