এছ আই পৰীক্ষা কেলেংকাৰিৰ ন্যায়িক তদন্তৰ দাবী: বৰপেটাত এছ পি কাৰ্যালয় ঘেৰাও কংগ্ৰেছৰ

Barpeta congress protest

এছ আই পৰীক্ষা কেলেংকাৰিৰ ন্যায়িক তদন্ত বিচাৰি সোমবাৰে বৰপেটা জিলা কংগ্ৰেছ দলে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে ৷

বৰপেটা ৰাজীৱ ভৱনৰ পৰা দিনৰ প্ৰায় ১২ বজাত এই কংগ্ৰেছ নেতা-কৰ্মীসকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ ৰাওনা হয় ৷

আৰক্ষীয়ে প্ৰথমে ৰাজীৱ ভৱনৰ ওচৰত বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধাক আওকান কৰি প্ৰতিবাদী দলটোৱে পুনৰ ৰাওনা হোৱাত আৰক্ষীয়ে পুনৰ প্ৰতিবাদী দলটোক বাধা প্ৰদান কৰে ৷

এই স্থানতে কংগ্ৰেছ নেতা-কৰ্মী সকলে এছ আই কেলেংকাৰিৰ চি বি আই তদন্ত দিয়ক, নিবনুৱাক লৈ হেতালি খেলা বন্ধ কৰক, সৰ্বানন্দ সোণোৱালক গ্ৰেপ্তাৰ কৰক, বিজেপি হায় হায় বিভিন্ন শ্লোগান দিয়ে ৷

এছ আই পৰীক্ষা কেলেংকাৰিৰ ন্যায়িক তদন্ত দিলেহে প্ৰকৃত অপৰাধী জালত পৰিব বুলি উল্লেখ কৰে কংগ্ৰেছী প্ৰতিবাদকাৰীসকলে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই তদন্তৰ আওতাত অনাৰ দাবী তোলে কংগ্ৰেছ দলে ৷ পিছত প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰে ৷