“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

সকলো বিৰোধী তথা আঞ্চলিক ৰাজনৈতিক শক্তিৰ মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে বুলি মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

অসমীয়া মানুহে আৱেগৰ বশৱৰ্তী হৈ বিজেপিক ভোট দি আহিছে যদিও বিজেপিয়ে কোনোধৰণৰ প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি দাবী শইকীয়াৰ।

তেওঁ কয় “অসমৰ মানুহে যথেষ্ট আৱেগিকভাৱে আগবাঢ়ি আহে। আৱেগিক ভাৱেই তেওঁলোকে ২০১৪ চনৰ পৰা বিজেপিক বহুত মৰম কৰি আহিছে। বিজেপিয়ে তাৰ প্ৰতিদান একো দিয়া নাই।”

“অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ, ব্ৰহ্মপুত্ৰ খনন, ছয় জনগোষ্ঠীক জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি ইত্যাদি কোনো ক্ষেত্ৰতে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি ৰূপায়ণ নকৰিলে।” শইকীয়াই এইদৰে কয়।

অসমীয়া জাতিক বিজেপিয়ে নিঃশেষ কৰিব বুলি গুৰুতৰ অভিযোগ তোলে শইকীয়াই।

অগপক বিজেপিৰ পৰা আঁতৰি আহিবলৈ সৈমান কৰাবলৈ লুৰিণ জ্যোতি গগৈক আহ্বান শইকীয়াৰ।

“তেওঁলোকলৈ আহ্বান যদি পাৰে তেন্তে অসম গণ পৰিষদক বিজেপিৰ পৰা আঁতৰাই আনি আঞ্চলিক শক্তিৰ ভেটি মজবুত কৰক। কংগ্ৰেছৰ অসমৰ ৰাইজৰ প্ৰতি যি মনোভাৱ তাতকৈ বিজেপিৰ মনোভাৱ অধিক বেয়া। গতিকে পৃথকে পৃথকে যুঁজাতকৈ সকলো বিজেপি বিৰোধী একত্ৰিত হৈ মূল শত্ৰুৰ বিৰুদ্ধে যুঁজিব লাগে।” কংগ্ৰেছৰ সৈতে অসম জাতীয় পৰিষদ আৰু অন্য আঞ্চলিক ৰাজনৈতিক শক্তিক একত্ৰিত হ’বলৈ আহ্বান জনাই শইকীয়াই এইদৰে কয়।

আঞ্চলিক গণ মৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি শইকীয়াই এই মন্তব্য কৰে।