ৰকিবুলৰ প্ৰস্তাৱিত কোৱাৰণ্টাইন চেণ্টাৰত খাদ্য ব্যৱস্থা সৰুসজাইৰ দৰেই কৰাৰ প্ৰতিশ্ৰুতি

ফটো : নৰ্থ-ইষ্ট নাও

দীঘলীয়া লকডাউনৰ সময়ত বহিঃৰাজ্যত আবদ্ধ হৈ থকা প্ৰায় দহ হাজাৰ লোকক মঙলবাৰৰ পৰা চৰকাৰে বিশেষ ৰেইলযোগে অসমলৈ অনাৰ ব্যৱস্থা কৰিছে।

এই সন্দৰ্ভত বিৰোধী দলৰ দলপতি তথা বিধায়ক ৰকিবুল হুছেইনেও চামগুৰিৰ বাজিয়াগাঁওস্থিত ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত মঙবাৰে বিয়লি এখন সংবাদমেল অনুষ্ঠিত কৰে।

বহিঃৰাজ্যত কৰ্মৰত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিভিন্ন অঞ্চলৰ লোক সকল ঘূৰি আহি নিজৰ নিজৰ ঘৰত হোম কোৱাৰেনটাইন হোৱাৰ পৰিবৰ্তে সমষ্টিৰ বিভিন্ন স্থানত থকা নিৰ্দিষ্ট কোৱাৰেন্টাইন কেন্দ্ৰ সমূহতহে কোৱাৰেণ্টাইন হ’বলৈ আহ্বান জনাই হুছেইনে।

সমষ্টিটোত বৰ্তমান নিৰ্ধাৰিত কৰা কোৱাৰেন্টাইন কেন্দ্ৰ সমূহৰ উপৰি আন বহু কেইটা ৰাজহুৱা ভৱনক কোৱাৰেন্টাইন কেন্দ্ৰ কৰিবলৈও বিধায়ক জনে নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক প্ৰস্তাৱ দিয়াৰ কথা উল্লেখ কৰে সংবাদমেল খনত।

আনহাতে কেন্দ্ৰ সমূহত প্ৰয়োজনীয় শৌচালয় নিৰ্মাণ কৰাৰ দ্বায়িত্ব সমষ্টিটোৰ কংগ্ৰেছী নেতা-কৰ্মী সকলে ল’ব বুলি ৰাজহুৱা ভাবে সদৰি কৰে।

ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত প্ৰস্তাৱিত কোৱাৰেন্টাইন কেন্দ্ৰ সমূহত থাকিব লগীয়া লোক সকলৰ খোৱা-বোৱা ব্যৱস্থাও সৰুসজাইৰ দৰেই সুন্দৰ ভাৱে দলৰ ফালৰ পৰা কৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়কজনে।

ইফালে সমষ্টিলৈ আহিব লগীয়া লোক সকলক তদাৰক কৰিবৰ বাবে প্ৰতিটো মণ্ডলত বিশ জনীয়া এখন এখন কমিটি গঠন কৰি শীঘ্ৰে তালিকা প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাই বিধায়ক ৰকিবুলে।

অৱশ্যে এই সংকটৰ সময়ত ৰাজনীতি নকৰি সকলোকে একত্ৰিতহৈ ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে যুঁজখনত অৱতীৰ্ণ হ’বলৈ বিধায়ক ৰকিবুল হুছেইনে সকলোকে আহ্বান জনায়।