সভাপতি নপতাত ক্ষোভ, কংগ্ৰেছ এৰি গেৰুৱা সাজ পিন্ধিব মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে!

মৰিয়নীৰ পৰা গুৱাহাটীলৈ আহি আছে সতীৰ্থৰ সৈতে

rr

ফাইল ফটো

কংগ্ৰেছ এৰি গেৰুৱা সাজ পিন্ধিব মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জনাইছে এই কথা।

 

শুকুৰবাৰে পুৱা প্ৰায় ১০ বজাত বিধায়ক পদ এৰাৰ পূৰ্ণ সম্ভাৱনা কুৰ্মীৰ। কাইলৈ পুৱা ৯-৪৫ বজাত বিধায়ক কুৰ্মীয়ে বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰি দল ত্যাগ কৰাৰ কথা জনোৱাৰো পূৰ্ণ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

 

তাৰ লগে লগে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত হেঙেৰাবাৰী ৰাজ্যিক বিজেপি কাৰ্য্যালয়ত বিজেপিত যোগদান কৰিব কুৰ্মীয়ে।

 

প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ নোপোৱাটোৱেই যেন ৰূপজ্যোতি কুৰ্মীৰ ক্ষোভ।

 

দুদিন পূৰ্বে বিজেপিৰ ৰাজ্যিক উচ্চস্তৰীয় নেতাৰে গোপন বৈঠকত মিলিত হৈছিল ৰূপজ্যোতি কুৰ্মী।

 

উল্লেখযোগ্য যে, কাইলৈৰ দিনটোতে আন এগৰাকী কংগ্ৰেছ নেত্ৰী জুৰি শৰ্মা বৰদলৈয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁৱো কুৰ্মীৰ লগতে বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

 

আনহাতে অহা ২৫ জুনৰ ভিতৰত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পাছে পাছে অন্য দুই-এগৰাকী কংগ্ৰেছী বিধায়কৰ লগতে পৰাজিত কংগ্ৰেছ প্ৰাৰ্থীয়েও বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইতিমধ্যে মৰিয়নী সমষ্টিৰ পৰা গুৱাহাটীলৈ এজন সতীৰ্থসহ ৰাওনা হৈছে ৰূপজ্যোতি কুৰ্মী। সূত্ৰটোৰ মতে নিশাই বিজেপিৰ নেতৃত্বৰ সৈতে গোপন বৈঠকত মিলিত হ’ব ৰূপজ্যোতি।