Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

শশী থাৰুৰ।

Shashi Tharoor receives France’s highest civilian honour কংগ্ৰেছৰ সাংসদ শশী থাৰুৰক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। বৃহস্পতিবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে লিজিয়ন অফ অনাৰ লাভ কৰাৰ খৱৰ প্ৰকাশ পাইছে। তেওঁৰ লিখনি আৰু বক্তৃতাৰ বাবে তেওঁক এই বঁটাৰে সন্মানিত কৰা হৈছে।

স্বাভাৱিকতে থাৰুৰে এনে সন্মান লাভ কৰি উৎসাহিত হৈছে। ইয়াৰ পূৰ্বে ২০১০ চনত কংগ্ৰেছ সাংসদগৰাকীয়ে স্পেইনৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিছিল।

এই বঁটা লাভ কৰাৰ পিছত শশী থাৰুৰে এটা টুইট কৰে। “আমাৰ দেশৰ সৈতে ফ্ৰান্সৰ সম্পৰ্ক মই সঁচাকৈয়ে পছন্দ কৰোঁ। সেই দেশৰ ভাষা আৰু সংস্কৃতিয়েও মোক আকৰ্ষিত কৰে। ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান লাভ কৰি মই সন্মানিত বোধ কৰিছো। যিসকলে মোক এই বঁটাৰ বাবে যোগ্য বুলি বিবেচনা কৰিছে তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছো।”

১৮০২ চনত ফৰাচী সম্ৰাট নেপোলিয়ন বোনাপাৰ্টে এই সন্মান প্ৰদানৰ প্ৰচলন আৰম্ভ কৰে। দেশৰ বিভিন্ন ক্ষেত্ৰত অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান প্ৰদান কৰা হয়। পিছত ফ্ৰান্সৰ সীমাৰ বাহিৰৰ বিদেশী নাগৰিককো এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয়সকলৰ ভিতৰত জামছেদজী টাটা, সত্যজিৎ ৰায়, পণ্ডিত ৰবিশংকৰ আৰু আন বহুতে লিজিয়ন দ্য অনাৰ বঁটা লাভ কৰিছে।

শশী থাৰুৰ তিৰুৱন্তপুৰম লোকসভা সমষ্টিৰ পৰা দুবাৰ সাংসদ হৈছে। অৱশ্যে, তেওঁৰ পৰিচয় কেৱল এগৰাকী ৰাজনীতিবিদেই নহয়। তেওঁ এগৰাকী লেখক হিচাপেও যথেষ্ট প্ৰসিদ্ধ। সাহিত্যৰ ক্ষেত্ৰত তেওঁ কাহিনীমূলক আৰু অ-কাহিনীমূলক দুয়োটা শ্ৰেণীতে সমান দক্ষতাৰে বহুতো গ্ৰন্থ লিখিছে।

থাৰুৰে দীৰ্ঘ ২৩ বছৰ ধৰি ৰাষ্ট্ৰসংঘত সক্ৰিয় ভূমিকা পালন কৰিছিল। শশী থাৰুৰে ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাতৰিত আনন্দিত দেশবাসী ।