NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ প্ৰতিবাদ কংগ্ৰেছৰ

January 19, 2022 5:04 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ প্ৰতিবাদ কংগ্ৰেছৰ।
আজি শিৱসাগৰ জিলা কংগ্ৰেছৰ উদ্যোগত ৰাজীৱ ভৱনৰ পৰা শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যাললৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

মুখ্যমন্ত্ৰী পৰিয়ালৰ ওপৰত উত্থাপিত ভূমি কেলেংকাৰী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰা, ভূমি কেলেংকাৰীৰ লগত জড়িত বিষয়া সকলক শাস্তি প্ৰদান কৰা, উক্ত ভূমি ভূমিহীন লোকক প্ৰদান কৰাৰ দাবী আজি কংগ্ৰেছে ৰাজ্যজুৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে।

বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত শিৱসাগৰ জিলা কংগ্ৰেছে এই প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যৰ প্ৰতিখন জিলাত অসম প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছ কমিটিয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্ত বিচাৰি এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জিলা উপায়ুক্তৰ জড়িয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Related News