বঙাইগাঁৱত বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

চাৰি গুজৰাটীৰ মাজতে দেশখনৰ বেচা কিনা চলি আছে – বিধায়ক আব্দুল বাতেন খণ্ডকাৰ

WhatsApp Image 2021-10-21 at 8.43.51 PM

ফটো: নৰ্থইষ্ট নাও।

Congress protest বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত বৃহস্পতিবাৰে বঙাইগাঁৱত কংগ্ৰেছ দলে প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত দলটোৰ জিলা কাৰ্যালয়ৰ সন্মুখন পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী অৱস্থান কাৰ্যসূচী।

অংশগ্ৰহণকাৰী দলীয় নেতা-কৰ্মীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ হিমন্ত বিশ্ব শৰ্মা লেই লেই চেই চেই ,মূল্যবৃদ্ধি ৰোধ কৰক, ক্ষমতাৰ খকত থকা হিমন্ত বিশ্ব শৰ্মা হায় হায় , হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শ্ৰমিক বিৰোধী বিজেপি হায় হায়, সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰক, মহিলাৰ ওপৰত অত্যাচাৰ আৰু নাৰী নিৰ্যাতন বন্ধ কৰক, বিধায়ক কিনা বেচা বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰে বিজেপিয়ে কৰা অপশাসনৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছ দলে বৃহস্পতিবাৰে প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা বুলি কয়।

তেওঁ কয় যে বিজেপিয়ে প্ৰতিশ্ৰুতি দি আহিছিল যে ‘অচ্ছে দিন ‘ অৰ্থাৎ ভাল দিন আহিব ৷ কিন্তু তাৰ সম্পূৰ্ণ ওলোটা কামহে কৰি আছে ৷ পৰিৱৰ্তন আনিব বিচাৰিছিল আৰু পৰিৱৰ্তন আনিছে ৷ কিন্তু মানুহৰ হকে নহয়, বিহকেহে পৰিৱৰ্তন আনিছে ৷ বিজেপিয়ে দেশখন বিক্ৰী কৰি আছে ,দেশৰ এপদ এপদকৈ সম্পত্তি বিক্ৰী কৰি আছে ৷ বিমান বন্দৰ, ৰে’ল, বি এছ এন এল,ৰাষ্ট্ৰীয় ঘাইপথ, এল আই চিকে কওক সকলো বিক্ৰী কৰি আছে ৷

খণ্ডকাৰে লগতে কয়, বিজেপিয়ে সততে কয় যে কংগ্ৰেছে একো কৰা নাই ৷ কিন্তু কংগ্ৰেছে কৰা দেশৰ ছয় শ লাখ কোটি টকাৰ সম্পত্তি অহা চাৰি বছৰত বিক্ৰী কৰি খৰচ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈ আছে ৷ যদি কংগ্ৰেছে একো কৰাই নাছিল, তেতিয়াহলে এই ছয় শ লাখ কোটি টকা কৰ পৰা পাব ?

বিধায়কগৰাকীয়ে কয়, ‘’গুজৰাট মডেলৰ আধাৰত দুজন গুজৰাটী দেশৰ প্ৰধান গাদীত আছে ৷ এগৰাকী হ’ল প্ৰধানমন্ত্ৰী আৰু আনগৰাকী হ’ল গৃহমন্ত্ৰী আৰু বিক্ৰী কৰি আছে দুজনৰ হাতত ৷ সেই দুজনো গুজৰাটী মানুহ আম্বানী আৰু আদানী ৷ গতিকে দেশখন হাম দো হামাৰে দোৰ অচিলাত চলি আছে ৷ তাৰমানে গুজৰাট মডেল সফল হৈছে ৷ এই চাৰি গুজৰাটীৰ মাজতে দেশখনৰ বেচা কিনা চলি আছে৷’’

‘’ইপিনে দেশৰ এনে জৰুলা অৱস্থা হৈছে যে এয়াৰ ইণ্ডিয়াক বিক্ৰী কৰা হৈছে ১৮ হাজাৰ কোটি টকাত ৷ ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ বাবে ৮ হাজাৰ কোটি টকাৰো অধিক মূল্যত ক্ৰয় কৰা হ’ব এখন বিমান ৷ গতিকে ৰাইজে বিৱেচনা কৰি চাওক যে দেশৰ যদি এজন ভাল শাসক হয় ,তেতিয়াহলে দেশৰ এনে দুৰৱস্থাৰ সময়ত ইমান বৃহৎ ধন খৰচ কৰি বিমান ক্ৰয় কৰিব নেকি ? এইদৰেই চলিছে সকলো,’’-বিধায়কগৰাকীয়ে কয়।

তেওঁ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰী পেট্ৰোল, ডিজেল ,ৰন্ধন গেছ, চাউল, দাইল, মিঠাতেলকে আদি কৰি সকলো প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য কেইবাগুণো বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি কয় যে কংগ্ৰেছৰ শাসন কালত যি পেট্ৰোলৰ মূল্য ৬৫ টকা আছিল, সেই পেট্ৰোলৰ মূল্য এতিয়া ১০৬ টকা হৈছে ৷ ডিজেল ৫৫ টকাৰ বিপৰীতে বৰ্তমান ১০০ টকা হৈছে ৷ দিনে দিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ কিন্তু মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

সেইদৰে, তেওঁ কয় যে সংখ্যালঘুসকল অসুৰক্ষিত হৈ আছে , দলিতসকল অসুৰক্ষিত হৈ আছে, নাৰীসকল অসুৰক্ষিত হৈ আছে ৷ দেশৰ সম্পদ বিক্ৰী হৈ আছে ৷ যাৰ কাৰণে আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক বাধ্য কৰাব বিচাৰো যে তেওঁলোক জনগণ বিৰোধী নহয় জনগণৰ সপক্ষে নীতি অবলম্বন কৰক, দেশৰ সম্পদ বিক্ৰী কৰা বন্ধ কৰক ৷

আনহাতে, উপ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে কংগ্ৰেছ দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য কৰি খণ্ডকাৰে কয় যে সাধাৰণতে উপ নিৰ্বাচনবোৰত শাসক পক্ষৰ লগত প্ৰশাসন থাকে, চৰকাৰৰ প্ৰভাৱ থাকে ৷ যাৰ বাবে ফলাফল অলপ ইফাল সিফাল হয় ৷ তথাপিতো আমি দুখনমান আসন পাম বুলি আশা কৰিছো ৷

প্ৰতিবাদী অৱস্থান কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি মৃণাল অধিকাৰী , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্য, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সাৰদা ৰায় সৰকাৰ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোকুল কলিতা, জিলা এন এছ ইউ আইৰ সাধাৰণ সম্পাদক জাহাংগীৰ আলম আদিকে ধৰি কংগ্ৰেছ ,যুৱ কংগ্ৰেছ , এন এছ ইউ আই , মহিলা কংগ্ৰেছৰ বিষয়ববীয়া তথা কৰ্মীসকল উপস্থিত থাকে ৷