ৰাফেল চুক্তিত দুৰ্নীতি : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ প্ৰতিবাদ

b0343234-d467-42a1-a912-0b413d8b8ebe

ৰাফেল চুক্তিত দুৰ্নীতিৰ অভিযোগ তুলি বৰপেটাত কংগ্ৰেছৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দিনত ৰাফেল চুক্তিত বৃহৎ পৰিমাণৰ কেলেংকাৰি হোৱাৰ অভিযোগ তুলি কংগ্ৰেছ দলে আজি বৰপেটাত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। আজি দিনৰ ১১ বজাত কংগ্ৰেছৰ নেতা কৰ্মী সকলে বৰপেটাৰ ৰাজীৱ ভৱনৰ পৰা সমদল কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

সমদলকাৰী সকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগান দি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ পৰা আৱৰ্ত ভৱনলৈ ৰাওনা হয় ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাই জনায় যে, ইউ পি এ চৰকাৰে ২০১২ বৰ্ষৰ ১২ ডিচেম্বৰত ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে নিবিদা আহ্বান কৰিছিল ৷ নিবিদাত প্ৰতিখন বিমানত ৫২৬•১০ কৌটি টকাকৈ ধাৰ্য কৰিছিল যদিও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিখন বিমান ৫২৬•১০ কৌটি টকাৰ পৰিবৰ্তে ১৬৭০•৭০ কৌটি টকাকৈ ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱা বুলি কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে ৷

কাৰ স্বাৰ্থত প্ৰতিখন বিমানত অতিৰিক্ত ভাবে ১১৪৪•৬০ কৌটি টকা অতিৰিক্তভাবে ভৰিব লগা হ’ল বুলি প্ৰধান মন্ত্ৰীলৈ প্ৰশ্ন তোলে জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ বিমান ক্ৰয় আৰু মেৰামতিৰ বাবে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান “হিন্দুস্তান এৰোনেটিকচ লিমিটেড”ক একাষৰীয়া কৰি অনিল আম্বানীৰ কোম্পানী “ৰিলায়েঞ্চ ডিফেন্স লিমিটেড কোম্পানী”ক বিমান ক্ৰয়ৰ বাবে দায়িত্ব প্ৰদানৰ আঁৰত কি ৰহস্য লুকাই আছে সেয়া দেশবাসীয়ে জানিবলৈ ইচ্ছুক হৈ থকা বুলি কংগ্ৰেছ দলৰ নেতাগৰাকীয়ে মন্তব্য কৰে ৷

বিমান ক্ৰয়ৰ চুক্তি কৰাৰ মাথোঁ ১২দিন পূৰ্বে গঠন কৰা ৰিলায়েঞ্চ ডিফেন্স লিমিটেড কোম্পানীক ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ দায়িত্ব প্ৰদান কৰি দেশৰ প্ৰতিৰক্ষাৰ লগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আপোচ কৰা বুলি তেওঁ অভিযোগ কৰে ৷ দেশৰ প্ৰতিৰক্ষাৰ লগত জড়িত এই বিষয়টো অতিশীঘ্ৰে সংসদীয় যুটীয়া কমিটিক অৰ্পণ কৰাৰ বাবেও দাবী তোলে জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাই।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত কংগ্ৰেছ দলে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ নেতা আব্দুৰ ৰহিম খান, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক( প্ৰশাসন) ৱাজেদ আলী আনচাৰী, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জুৱাৰা বেগমৰ লগতে পাঁচ শতাধিক নেতা কৰ্মী উপস্থিত থাকে ৷