গোলাঘাটত কংগ্ৰেছৰ সংকল্প গ্ৰহণ; অসমীয়াৰ স্বাভিমান গামোচাত NO CAA লিখি প্ৰতিবাদ সাৱ্যস্ত

IMG_20210225_164443

ফটো: নৰ্থইষ্ট নাও।

নিখিল ভাৰত জাতীয় কংগ্ৰেছ কমিটিয়ে আগন্তুক অসম বিধান সভা নিৰ্বাচনত কেনেকৈ কংগ্ৰেছ দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিব পাৰে তাৰ ওপৰত বিভিন্ন ব্যৱস্থা হাতত লৈছে। তাৰে অন্য  এক ব্যৱস্থা হৈছে কংগ্ৰেছৰ বুথ সংকল্প সমাৰোহ।

সেই লক্ষ্যৰে আজি গোলাঘাটতো অনুষ্ঠিত হ’য় এই বুথ সংকল্প সমাৰোহ।

আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ ৰণকৌশল প্ৰস্তুত কৰি  কংগ্ৰেছ কৰ্মী সকলে কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে।

ইতিমধ্যে ইয়াৰ ওপৰত ভিত্তি কৰি চত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ১২ জনীয়া এটা সঁজাতি দলে অসমৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি গৈছিল আৰু  ইয়াৰ ভিত্তিতেই আজি গোলাঘাটত আৰম্ভ হৈছে বিজেপি ৰোধৰ কংগ্ৰেছৰ এই বুথ সংকল্প সমাৰোহ।

উল্লেখ্য যে, গোলাঘাট বুথ সভা অনুস্থিত কৰি কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰাৰ পিছতেই গোলাঘাট সদৰ আৰক্ষী থানাৰ সন্মুখত “কা”ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অসমীয়াৰ স্বাভিমান গামোচাত NO CAA লিখি কা-ৰ বিৰুদ্ধে এই শক্তিশালী   প্ৰতিবাদ কৰে জিলা  কংগ্ৰেছৰ নেতা কৰ্মী সকলে।

ইফালে এসময়ৰ কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ পিছতেই কংগ্ৰেছৰ সাংগঠনিক ভেটি দুৰ্বল হৈ পৰা পৰিলক্ষিত হৈছিল যদিও এই সময়ত কংগ্ৰেছৰ সভাপতি দাদু টাইডৰ নেতৃত্বত যেন পুনৰ গোলাঘাটত  কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী হৈ উঠিছে।

আজি এই বুথ সমাৰোহত চত্তীশগড় মুখ্যমন্ত্ৰীৰ উপদেষ্টা ৰুছি গাৰ্গ, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰশিক্ষক বিকাশ চোপ্ৰা, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বসন্ত শৰ্মা আদি বহুকেইজন নেতা উপস্থিত থাকে।