NORTHEAST NOW (Assamese)

ৰাফাল ‘কেলেংকাৰি’ৰ বিষয়ে যুটীয়া সংসদীয় কমিটী গঠন কৰাটো বিচাৰে কংগ্ৰেছে : প্ৰদ্যুৎ বৰদলৈ

December 18, 2018 6:10 pm · কল্পজ্যোতি শইকীয়া
ৰাজীৱ ভৱনত দিয়া এখন সংবাদমেলত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ। কাষত ববিতা শৰ্মা, ১৮ ডিচেম্বৰত। ফটো : য়ু বি।

দেশজুৰি চৰ্চা অব্যাহত থকা ৰাফাল বিমান ক্ৰয়ৰ ‘কেলেংকাৰি’ৰ বিষয়ে যুটীয়া সংসদীয় কমিটী গঠন কৰাটো বিচাৰে কংগ্ৰেছে। উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ সীমাবদ্ধতা আছে। তাৰোপৰি বিজেপিয়ে আদলতক বিপথে পৰিচালিত কৰিছে। এই মন্তব্য প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ।

আজি ৰাজীৱ ভৱনত দিয়া এখন সংবাদমেল দি প্ৰাক্তন মন্ত্ৰীজনে এইদৰে কয়। মোদী চৰকাৰে ৰাফাল বিমান ক্ৰয়ৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে অনিল আম্বানিক সকলো চমজাই দিব বিচাৰিছে। এই কথাটোহে কংগ্ৰেছে আঙুলিয়াই দিছে। “ৰাফাল বিমান ক্ৰয় খেলিমেলিৰ ন্যায় দিব পাৰিব সংসদেহে। কংগ্ৰেছে বিজেপিৰ পৰা উত্তৰ বিচাৰিছে সদনত বিষয়টো উত্থাপনৰ জৰিয়তে। কিন্তু বিজেপিহে পলাই ফুৰে উত্তৰ দিয়াৰ পৰা।” বৰদলৈয়ে কয়।

“সংসদৰ পৰাও পলাই ফুৰে। গতিকে জেপিছি বিচাৰিছো।” সাংবাদিকক প্ৰদ্যুৎ বৰদলৈয়ে কয়।

আনহাতে সংবাদমেলখনতে বৰদলৈয়ে ১৭ ডিচেম্বৰত অসম ভ্ৰমণ কৰা উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথকো কঠোৰ সমালোচনা কৰে। “যোগী অসমলৈ অহাটোৱেই দুৰ্ভাগ্যজনক। তেওঁৰ উশাহ-নিশাহ সাম্প্ৰদায়িকতাৰ বাষ্পৰে ভৰি আছে।” এইদৰে কয় বৰদলৈয়ে।

যোগী আদিত্য নাথে ভগৱানৰ মাজতো বিভাজন আনিছে বুলি কটাক্ষ কৰে কংগ্ৰেছী নেতাজনে। ‘যোগী মহিলা বিদ্বেষী’ বুলি কোৱাৰ লগতে তেওঁক ঘৃণাৰ ৰাজনীতিৰ মূল নায়ক বুলি অভিহিত কৰে। “তেওঁৰ বিৰুদ্ধে বহুতো গোচৰো চলি আছে আদালতত।” বৰদলৈয়ে কয়।

ইফালে বিগত পাঁচখন প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰি বৰদলৈয়ে কয় যে বিজেপিৰ প্ৰচাৰৰ মূল বাণী আছিল ‘আলী বনাম বজৰং দল’। কিন্তু সেয়া মানুহে গ্ৰহণ নকৰিলে। ৫খন ৰাজ্যত বিজেপি বেয়াকৈ পৰাজিত হ’ল।

আজিৰ সংবাদমেলত প্ৰদ্যুৎ বৰদলৈৰ সৈতে দলটোৰ এগৰাকী নেত্ৰী ববিতা শৰ্মা, কিশোৰ ভট্টাচাৰ্য্য, আব্দুল খালেককে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল।

Related News