বিপিএফ, এআইয়ুডিএফ, বিকল্প শক্তিক লগত লৈ ২১ত আমি জিকিম : তৰুণ গগৈ

সমাগত ২০২১ৰ বিধানসভাৰ নিৰ্বাচনক লৈ শাসকীয় বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ। থমকি ৰোৱা নাই বিৰোধী কংগ্ৰেছো।

২০২১ত বিজেপিৰ দৰে মিত্ৰতাৰে নিজৰ চৰকাৰ বনাবলৈ বদ্ধপৰিকৰ কংগ্ৰেছ। এই কথা এক সংবাদমেলযোগে সদৰী কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

গগৈৰ মতে ২০২১ত কংগ্ৰেছক অসমৰ জনসাধাৰণে আকোৱালি ল’ব আৰু জয়ী হৈ চৰকাৰ গঠন কৰিব।

‘২০২১ৰ বিধানসভা নিৰ্বাচনত আমিও মিত্ৰতা কৰিম। বিজেপিয়েও অকলে জিকিব নোৱাৰে। আমি কেৱল এআইয়ুডিএফেই নহয়, চিপিআই, চিপিএম, বিপিএফৰো আহিব আৰু নতুনকৈ গঠন হোৱা বিকল্প শক্তিৰ লগতো মিত্ৰতা কৰিম।‘ গগৈয়ে কয়।

গগৈয়ে লগতে দাবী কৰি কয়, ‘২১ ত মই গাইড হিচাপে থাকিম। খেলো নে নেখেলো এতিয়া নকওঁ। আমি ৮০ খন আসন ল’ব বিচাৰিছো। আমি জিকিম।‘

ইয়াৰোপৰি ‘২১ ত আমি দেখুৱাই দিম’ বুলি উল্লেখ কৰি তেওঁ লগতে বিজেপিক সমালোচনা কৰি কয় ‘বিজেপিয়ে কাম নকৰাকৈ ভোট পাব নেকি? বাঘজানক গুৰুত্ব নিদিব, গুপ্ত হত্যা কৰিব তথাপি উজনি অসমৰ মানুহে বিজেপিক ভোট দিব নেকি?’

গগৈৰ মতে ‘২০২১ ত অসমৰ জনসাধাৰণে ইয়াৰ প্ৰত্যুত্তৰ দিব। ২১ত অসমত বিজেপিয়ে মজা পাব।‘

ইপিনে, ‘কোভিদ চলি থকাৰ সময়তে মানুহৰ ঘৰে ঘৰে গৈ তামোল পান দিবলগীয়া হৈছে কিয়?’ বুলি প্ৰশ্ন কৰি গগৈয়ে কয়, ‘উজনি অসমৰ মানুহে একো বুজিয়েই নাপায় নেকি? বিজেপিয়ে যিখিনি প্ৰবঞ্চনা কৰিলে সেয়া লাহে লাহে ওলাব।‘

তদুপৰি, কংগ্ৰেছৰ আভ্যন্তৰীণ কণ্ডল অথবা মতবিৰোধ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় ‘এটা দলক নেতাই জিকাই নেকি? প্ৰদ্যুত বৰদলৈয়ে হওঁক, ৰকিবুলেই হওঁক নিজৰ জেগাত অলপ মান পাৱাৰ থাকিব, বাকী নেতাই জিকাব। কংগ্ৰেছ দলটোৰ নেতৃত্বত নিৰ্বাচন হ’ব। সৰ্বানন্দ সোণোৱালে অকলে নিৰ্বাচন জিকাব নেকি? তাত হিমন্ত পাটোৱাৰী সকলোকে লাগিব।‘

আনহাতে, গগৈৰ মতে ‘বিজেপিয়ে হাগ্ৰামাক বেক ষ্টেব মাৰিছে। আগে বেজ হৈ জাৰিলে এতিয়া সাপ হৈ খুটি দিলে।‘

ইপিনে, পূৰ্বতে সঘনে আজমলে আম উপহাৰ দিয়াৰ প্ৰসংগ সংবাদমেলত উত্থাপন কৰাৰ বিষয়ে সাংবাদিক পুনৰাই সোধাত তেওঁ কয় ‘কেৱল আজমলেই ফোন নকৰে, মই দৰকাৰ হ’লে সৰ্বানন্দ হিমন্তকো ফোন কৰো।‘

আনহাতে, যোৱা তিনিদিন ধৰি কিডনিত ষ্ট’ন হৈ ঘৰতে জিৰণি লোৱা হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কত গগৈয়ে খবৰ লৈছে নে নাই বুলি সাংবাদিকে সোধাত গগৈয়ে কয় ‘হিমন্তৰ ইমান ডাঙৰ বেমাৰ হোৱা নাই। এই কথাটোতনো কি খবৰ ল’ম? হিমন্তৰ এইটো পানী খাই ভাল হোৱা বেমাৰ। কিডনীতহে পাথৰ হৈছে, আজি বাহিৰলৈ ওলালেই।‘

সেই একেখন সংবাদমেলতে বিধায়ক-সাংসদৰ পুঁজি কৰ্তন কৰাৰ প্ৰসংগৰ বিৰোধিতা কৰি গগৈয়ে কয় ‘বিধায়ক-সাংসদ পুঁজি বন্ধ কৰি কি লাভ হৈছে? এই পুঁজি বন্ধ কৰি ভুল কৰিছে। এই ফাণ্ডৰ ধনসমূহ ক’ত গ’ল তেন্তে? বিধায়কসকলে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধন দিছিল, এতিয়া ক’ৰ পৰা দিব? বিদ্যালয়ৰ বাউণ্ডেৰী, টিউবেল ইত্যাদি এতিয়া বিধায়কসকলে ক’ৰ পৰা দিব?’

গগৈৰ মতে ‘বিধায়ক পুঁজি বন্ধ কৰাটো এক মুৰ্খামি। এতিয়া গোটেই উন্নয়ন ব্যৱস্থাটোৱেই নষ্ট হ’ল। কোভিদ হোৱাৰ আগৰ পৰাই ভাৰতৰ অৰ্থনৈতিক অৱস্থা বেয়া। যেতিয়াৰ পৰা বিমুদ্ৰাকৰণ আৰু জিএছটি আৰম্ভ কৰিলে তেতিয়াৰ পৰা অৰ্থনৈতিক ব্যৱস্থা বেয়া হৈ আহিল। ৰাইজৰ পৰা ধন নিয়ে আছে তথাপিও অৱস্থা কিয় ইমান বেয়া?’