বিজেপি আইটি চেলেৰে দিব যুঁজ! : দেশজুৰি ৫ লাখ চ’ছিয়েল মিডিয়া কৰ্মী নিয়োগ কৰিব কংগ্ৰেছে!

Rahul_Gandhi__PTI__1200x768

এইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছিল যে কেন্দ্ৰত দুবাৰকৈ বিজেপি ক্ষমতালৈ অহাত দলটোৰ আই টি চেলৰ প্ৰভূত অৰিহণা আছে।

কেৱল কেন্দ্ৰতেই নহয়, বিভিন্ন ৰাজ্যতো অতি সক্ৰিয় বিজেপিৰ আইটি চেল। বিজেপি আইটি চেলৰ সক্ৰিয়তা ইমানে অধিক যে সমগ্ৰ দেশৰ চ’ছিয়েল মেডিয়াত যেন তেওঁলোকৰেই আধিপত্য!

বিজেপিৰ এই চ’ছিয়েল মিডিয়াৰ সক্ৰিয়তাৰ বিপৰীতে অন্যান্য দলসমূহ এই ক্ষেত্ৰত তেনেই নিঃকিন।

পিছে এইবাৰ বিজেপিৰ আইটি চেলৰ সমুখ সমৰত প্ৰবৃত্ত হ’বলৈ আগবাঢ়িছে কংগ্ৰেছ।

কংগ্ৰেছেও চ’ছিয়েল মিডিয়াত নিজ দলৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ লগতে বিজেপিৰ আইটি চেলেৰে এঘড়ী যুঁজ দিবলৈ আৰম্ভ কৰিব চ’ছিয়েল মিডিয়া টিম।

কংগ্ৰেছ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আগন্তুক দিনত দলটোৱে দেশজুৰি ৫ লক্ষ্য চ’ছিয়েল মিডিয়া কৰ্মী নিয়োগ কৰিব।

সেই উপলক্ষ্যে দলটোৱে চ’ছিয়েল মিডিয়াৰ যোগে বিজ্ঞাপন প্ৰকাশ কৰা বুলিও জানিব পৰা গৈছে।

কংগ্ৰেছৰ চ’ছিয়েল মিডিয়াত যোগ দিবলৈ ইচ্ছুকসকলৰ নাম প্ৰথমে নথিভুক্ত কৰিব আৰু তাৰ পিছতে তেওঁলোকৰ সাক্ষাৎকাৰ লোৱা হ’ব।

ইয়াৰ পৰা দেশজুৰি ৫ লাখ প্ৰাৰ্থীক বাছনি কৰি কংগ্ৰেছৰ চ’ছিয়েল মিডিয়া টিমত নিয়োগ কৰিব।আৰু ইয়াৰ পিছতে তেওঁলোকক প্ৰশিক্ষণ দিয়া হ’ব।

দলটোৰ সূত্ৰই প্ৰকাশ কৰা মতে দেশৰ প্ৰতিখন জিলাতে অন্ততঃ পাঁচ হাজাৰকৈ লোকক চ’ছিয়েল মিডিয়াত নিয়োগ কৰিব।

এই বৃহৎ দলটোৱে বিজেপি আইটি চেলৰ অপপ্ৰচাৰ আৰু ঘৃণা-বিদ্বেষৰ আচল ৰহস্য আৰু শুদ্ধ তথ্যসমূহ চ’ছিয়েল মিডিয়াৰ যোগে জনসাধাৰণৰ ওচৰত প্ৰচাৰ কৰিব প্রকাশ কৰিছে কংগ্ৰেছৰ সূত্ৰটোৱে।