ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে এতিয়াও পোৱা নাই অনুমতিঃ অভিযোগ কংগ্ৰেছৰ

Bharat Jodo Nyay Yatra

প্ৰতিনিধিত্বমূলক ছবি

ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ পিছত অহা ১৪ জানুৱাৰীৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা নামৰ আন এক সমদলৰ বাবে সাজু হৈছে কংগ্ৰেছ। অহা ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা।

পিছে যাত্ৰাৰ বাবে মাজত এসপ্তাহতকৈয়ো কম সময় থকা অৱস্থাত আজি দলটোৱে তুলিছে এক অভিযোগ। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে জানিবলৈ দিয়া মতে এই যাত্ৰাৰ বাবে এইপৰ্যন্ত লাভ কৰা নাই অনুমতি।

আজি কংগ্ৰেছ নেতাসকলে মণিপুৰৰ মুখ্য সচিব বিনীত যোশীক সাক্ষাৎ কৰি ভাৰত জোডো ন্যায় যাত্ৰাৰ মুকলি সভাখন ১৪ জানুৱাৰীত ইম্ফল পূৱ জিলাৰ হাপ্তা কংজেইবুং খেলপথাৰত অনুষ্ঠিত কৰাৰ অনুমতি দিবলৈ অনুৰোধ জনায়।

এই অনুমতি প্ৰদানৰ বিষয়ে অতি শীঘ্ৰে অৱগত কৰা হ’ব বুলি মুখ্য সচিবগৰাকীয়ে কংগ্ৰেছ নেতাসকলক আশ্বাস দিয়ে বুলি দলৰ এজন নেতাই কয়। কিন্তু ইতিপূৰ্বেই ২ জানুৱাৰীত যাত্ৰাৰ বাবে অনুমতি বিচাৰি চৰকাৰৰ ওচৰত আৱেদন জনাইছিল বুলিও তেওঁ কয়।

তাৰ পিছতো ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হ’বলগীয়া এই ভাৰত জোড়ো ন্যায় যাত্ৰাই অনুমতিৰ বাবে অপেক্ষা কৰি আছে বুলি বেনুগোপালে এক সংবাদ মেলত মন্তব্য কৰে। তেওঁ লগতে এই বিষয়ত বিজেপি চৰকাৰকো আক্ৰমণ কৰে।

এই যাত্ৰা কোনো ৰাজনৈতিক কাৰ্যসূচী বা কোনো নিৰ্বাচনী প্ৰচাৰ নহয় বুলি দাবী কৰি বেনুগোপালে কয় যে ইয়াৰ দ্বাৰা মহিলা, যুৱক-যুৱতী, কৃষক আৰু দৰিদ্ৰসকলৰ ন্যায়ৰ দাবী কৰা হৈছে আৰু এই যাত্ৰাও ঐতিহাসিক হ’ব।

কংগ্ৰেছ নেতাগৰাকীয়ে পৰোক্ষভাৱে বিজেপি চৰকাৰক অনুমতি অস্বীকাৰ কৰি ৰাজনীতি নকৰিব বুলিও সকীয়াই দিয়ে। তেওঁ লগতে দীৰ্ঘ সময় ধৰি মণিপুৰত চলি থকা হিংসাজৰ্জৰ পৰিস্থিতিৰ প্ৰসংগও যাত্ৰাৰ উদ্দেশ্যৰ সৈতে সংযোগ কৰে।

সংবাদ মেলত বেনুগোপালে কয়, “মণিপুৰক ন্যায় লাগে, সেইবাবেই এই ৰাজ্যৰ পৰাই যাত্ৰা আৰম্ভ হ’ব৷ আমি মণিপুৰৰ ভৱিষ্যত নিশ্চিত কৰিব বিচাৰো। ৰাজ্যখনৰ গম্ভীৰ ঘাঁ নিৰাময়ৰ প্ৰয়োজন।”

মণিপুৰ কংগ্ৰেছৰ সভাপতি কেইছম মেঘচন্দ্ৰ সিং আৰু ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ক্ৰম ইব’বি সিঙো এই সংবাদ মেলত কে চি বেনুগোপালৰ সৈতে উপস্থিত থাকে।

উল্লেখ্য যে, মণিপুৰৰ পৰা আৰম্ভ হৈ এই ভাৰত জোড়ো ন্যায় যাত্ৰাই নাগালেণ্ড, অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়লৈ যাব আৰু ১৫খন ৰাজ্যৰ ৬৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি মুম্বাইত উপস্থিত হ’ব।