৭ মাৰ্চত শপতগ্ৰহণ কৰিব কনৰাড চাংমাই! প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিৰ সম্ভাৱনা

Conrad Sangma

কালি ঘোষিত মেঘালয় বিধানসভা নিৰ্বাচনৰ ফলাফলত নিৰকুংশ সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও বিজেপিৰ সমৰ্থনত পুনৰ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে কনৰাড চাংমা। অহা ৭ মাৰ্চত মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে কনৰাড চাংমাই।

এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচনত একক বৃহত্তম দল হিচাপে পৰিগণিত হোৱা এন পি পিৰ মুৰব্বী চাংমাই আজি মেঘালয়ৰ গৱৰ্ণৰ ফাগু চৌহানক পদত্যাগ পত্ৰ দাখিল কৰি নতুন চৰকাৰ গঠনৰ অধিকাৰ দাবী কৰে।

বিদায়ী চৰকাৰৰ মুখ্যমন্ত্ৰী চাংমাই তেওঁৰ পক্ষত ৩২ গৰাকী বিধায়কৰ সৈতে নিৰকুংশ সংখ্যাগৰিষ্ঠতা আছে বুলি দাবী কৰে যদিও অৱশ্যে সমৰ্থনকাৰী পক্ষৰ সবিশেষ দিবলৈ অস্বীকাৰ কৰে।

ৰাজ ভৱনলৈ যোৱাৰ পূৰ্বে এক সংবাদমেলত সম্বোধন কৰি চাংমাই কয়, “আমাৰ নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা আছে। বিজেপিয়ে ইতিমধ্যে সমৰ্থন বৃদ্ধি কৰিছে। আন কিছু দলেও সমৰ্থন আগবঢ়াইছে।”

 

উল্লেগ্য যে, কালি ঘোষিত ফলাফলত নেচনেল পিপলছ পাৰ্টি আছিল ২৬ খন আসনৰ সৈতে একক বৃহত্তম দল। আনহাতে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিয়ে দুখন আসনত জয়লাভ কৰিছিল।

ইতিমধ্যে বিজেপিয়ে কনৰাড চাংমালৈ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এন পি পিৰ মিত্ৰ দল ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিয়ে দ্বিতীয় বৃহত্তম দল হিচাপে ১১ খন আসন লাভ কৰিছিল।

আনহাতে নিৰ্বাচনত প্ৰধান প্ৰতিদ্বন্দী হিচাপে আত্মপ্ৰকাশ কৰা তৃ্ণমূল কংগ্ৰেছ আৰু কংগ্ৰেছে পাঁচখনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছিল।