NORTHEAST NOW (Assamese)

বঞ্চনাৰ অভিযোগ : ১ অক্টোবৰত ঠিকাভিত্তিক টে’ট শিক্ষকে ঘেৰাও কৰিব সৰ্বশিক্ষাৰ কাৰ্যালয়

September 30, 2018 8:09 am · এন ই নাও নিউজ

এইবাৰ ৰাজপথত নামিব ঠিকাভিত্তিক টে’ট উত্তীৰ্ণ শিক্ষক। ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ৩০ হাজাৰ ঠিকাভিত্তিত নিযুক্ত টে’ট শিক্ষকে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত অহা ১ অক্টোবৰত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিব।

ঠিকাভিত্তিত নিযুক্ত টে’ট শিক্ষকসকলে সপ্তম দৰমহা আয়োগৰ অধীনৰ দৰমহাৰ এবছৰৰ বকেয়া, বেংক ঋণ, নতুন গ্ৰেড পে, মহিলাৰ বাবে শিশুৰ যত্নৰ ছুটী প্ৰদান আদি কৰি কেইবাটাও দাবীত সময়ে সময়ে আন্দোলন কৰি আহিছে। কিন্তু শিক্ষা বিভাগে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই।

আনহাতে, ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীও দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে যদিও এইক্ষেত্ৰতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে শিক্ষকসকলে।

সেয়েহে চৰকাৰৰ এনে বঞ্চনাৰ প্ৰতিবাদত সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে ১ অক্টোবৰ সোমবাৰে সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয় ঘেৰাও কৰিব। সোমবাৰে দিনৰ ১১ বজাত টে’ট শিক্ষকসকলে তেওঁলোকৰ প্ৰাপ্য আদায়ৰ দাবীত এই প্ৰতিবাদী আন্দোলন কাৰ্যসূচী  ৰূপায়ণ কৰিব।

এটা বিবৃতিত টে’ট উত্তীৰ্ণ শিক্ষক সমাজে অভিযোগ কৰে যে নিয়মীয়া  আৰু ঠিকাভিত্তিক শিক্ষকসকলক সমান সুবিধা  দিয়া হ’ব বুলি ঘোষণা কৰিও সৰ্বশিক্ষা অভিযানে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰা নাই। আলোচনাৰ মাধ্যমেৰে ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যা সমাধানত শিক্ষা বিভাগে গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকলে ধাৰাবাহিকভাৱে আন্দোলন চলাই থাকিব লগীয়া হৈছে বুলিও টে’ট উত্তীৰ্ণ শিক্ষক সমাজে বিবৃতিটোত প্ৰকাশ কৰিছে।

বৰ্তমান নতুন শিক্ষা মন্ত্ৰী গৰাকীয়ে এই ঠিকাভিত্তিক টে’ট উত্তীৰ্ণ শিক্ষকসকলৰ সমস্যাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Related News