গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ আকস্মিক বিয়োগ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড° ধ্ৰুৱজ্যোতি চৌধুৰী আৰু নাই। মহানগৰীৰ দিচপুৰ চুপাৰ মাৰ্কেটস্থিত জি এন আৰ চি হাস্পতালত ড° ধ্ৰুৱজ্যোতি চৌধুৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মঙলবাৰে পুৱতি নিশা ২:৫০ বজাত উচ্চ ৰক্তচাপত ষ্ট্ৰ’কত চিকিৎসাধীন হৈ থকা অৱস্থাতে ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ বিয়োগ ঘটা বুলি জানিব পৰা গৈছে। ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ এই আকস্মিক মৃত্যুৱে সকলোকে স্তমিভিত কৰি তুলিছে।

দীঘলীয়া সময় শিক্ষকতা আৰু প্ৰশাসনিক সেৱাৰে অভিজ্ঞতাপুষ্ট ড° ধ্ৰুৱজ্যোতি চৌধুৰী নিজৰ জন্মস্থান হাজো-ৰামদিয়াৰ বিনন্দ চন্দ্ৰ মেধী মহাবিদ্যালয়ৰ সভাপতিকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জড়িত আছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব চম্ভালি লৈ থকাৰ মাজতে যোৱা ২৯ ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হোৱাত হস্পিটেলত চিকিৎসাধীন হৈ আছিল চৌধুৰী।

পৰীক্ষা নিয়ন্ত্ৰক ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ আকস্মিক বিয়োগত গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি শৈক্ষিক মহল, আত্মীয় স্বজন তথা গুণমুগ্ধসকলৰ মাজত শোকৰ ছাঁ পৰিছে।