“বিজেপিৰ সভালৈ নহা মুছলমানৰ গাত গাহৰিৰ তেজ আছে”, বিজেপি নেতা; থানাত গোচৰ

সদৌ উজনি অসম খিলঞ্জীয়া মুছলমানক লৈ আয়োজিত সভাত মাত্ৰ ২০-৩০জনৰ উপস্থিতিত ক্ষুব্ধ বিজেপি নেতাৰ বিতৰ্কিত মন্তব্য

শিৱসাগৰত বিজেপিৰ সংখ্যালঘু কোষে আয়োজন কৰা এখন সভাত বিজেপিৰ এজন নেতাই নগণ্য সংখ্যকৰ উপস্থিতিৰ প্ৰতি বিষোদগাৰ কৰিবলৈ গৈ সভালৈ নহা মুছলমানসকলৰ গাত গাহৰিৰ তেজ আছে বুলি মন্তব্য কৰাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিজেপিৰ সংখ্যালঘু কোষৰ ৰাজ্যিক পৰ্য্যায়ৰ নেতা বুলি পৰিচয় দিয়া নেতাজন হ’ল শিৱসাগৰ চহৰৰে যমুনা ৰ’ডৰ নিৱাসী তফিকুদ্দিন আহমেদ ওৰফে ৰণি।

সদৌ উজনি অসম খিলঞ্জীয়া মুছলমানৰ সমন্বয় আৰু উন্নয়নৰ বাবে তেওঁ আগভাগ লৈ এই সভাখন আয়োজন কৰিছিল। স্থানীয় লোকে অভিযোগ কৰামতে, আগন্তুক লোকসভা নিৰ্বাচনত গেৰুৱা দললৈ খিলঞ্জীয়া মুছলমানসকলৰ সমৰ্থন আদায়ৰ লক্ষ্য আছিল সভাৰ এটা গোপন উদ্দেশ্য। চহৰখনৰ যুৱদল প্ৰেক্ষাগৃহত আয়োজিত সভাখনত মানুহ মুঠেই ২০-৩০জনহে গোট খাইছিল। ইয়াতে ক্ষুণ্ণ হৈ আছিল আহ্বায়ক হিচাপে থকা নেতাজন।

“যেতিয়া আমি চৰকাৰে খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে ধাৰ্য্য কৰা ১০০ কোটি টকাৰ ৩০ কোটি টকা আনিম, ভাগ ল’বলৈ আজি উপস্থিত নথকাসকলহে আগ বাঢ়ি আহিব। সেই মানুহখিনিক মই কওঁ যে তেওঁলোকৰ গাত মুছলমান তেজ নাই। গাহৰিৰ তেজ আছে। মুছলমানৰ তেজ থকা হ’লে সভালৈ আহিল হেঁতেন”, সভাত উপস্থিত নথকাসকলক আক্ৰমণ কৰিবলৈ গৈ এইদৰে কয় নেতাজনে।

সভাখনত উপস্থিতসকলে মূৰ-কাণ পেলাই তেওঁৰ বক্তব্য শুনি আছিল যদিও সভাৰ পিছতে কথাটো জনাজনি হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় খিলঞ্জীয়া মুছলমান লোক আৰু স্থানীয় অমুছলমান দল-সংগঠনৰ মাজতো।

উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা নেতাজনৰ বিৰুদ্ধে সদৰ থানাত গোচৰ দিয়া বুলি জনালে সমিতিৰ বিষয়ববীয়াই।

তফিকুদ্দিন আহমেদে মুছলমানসকলৰ প্ৰতি নিকৃষ্ট মন্তব্য কৰাৰ উপৰি অন্যান্য বিতৰ্কিত মন্তব্যও কৰে সভাখনত। তেওঁ বক্তব্যত কয় যে নামনি আৰু মধ্য অসমৰ মানুহে শোষণ কৰি থকা বাবেহে উজনি অসমৰ মানুহখিনিৰ উন্নয়ন বাধাগ্ৰস্ত হৈছে। “আমাক নামনি আৰু মধ্য অসমৰ মানুহখিনিয়ে শোষণ কৰি আছে। চৰকাৰ দায়ী নহয়।”, মন্তব্য তফিকুদ্দিন নামৰ নেতাজনৰ।

আক্ৰমণ কৰিবলৈ গৈ মুছলমানৰ  যুৱ দল প্ৰেক্ষাগৃহত কালি অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ উন্নয়নৰ বাবে এখন সভা অনুষ্ঠিত হৈছিল। উক্ত সভাত শিৱসাগৰ নগৰৰ পশ্চিম যমুনা ৰোডৰ নিৱাসী তফিকুদ্দিন আহমেদ(ৰণি) য়ে ভাষণ প্ৰসঙ্গত সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰাত শিৱসাগৰ জিলাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এই ক্ষেত্ৰত ‘ ঐক্য সেনা ‘ ই কালি শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি তফিকুদ্দিন আহমেদ( ৰণি) ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা গোচৰ দিছে সদৰ থানাত।

শিৱসাগৰ জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগ আৰু ঐক্য সেনা, অসমেও তফিকুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ লগতে নেতাজনক গ্ৰেপ্তাৰৰ দাবী জনাইছে।

উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ জিলা সমিতিয়ে তফিকুদ্দিনক সংখ্যালঘু কোষৰৰ পৰা বহিষ্কাৰ কৰিবলৈ ৰাজ্যিক কোষৰ সভাপতিক আহ্বান জনাইছে।