অৱশেষত জামিন পালে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে

Sherman Ali

অৱশেষত কাৰাগাৰৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত হ’ল বিধায়ক শ্বেৰমান আলীৰ।

প্ৰায় এমাহৰ পিছত অৱশেষত আজি কামৰূপ CJM আদালতে জামিন প্ৰদান কৰিছে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক।

বিধায়কজনৰ বিৰুদ্ধে দিছপুৰ থানাৰ ৩৫৯৮/২১-নম্বৰত ১৫৩/১৫৩(A), ২৯৪/৫০০ ধাৰাত ৰুজু হৈ আছিল গোচৰ। লগতে ৪০৭/২১ নম্বৰত গীতানগৰ থানাত এক গোচৰ ৰুজু হৈ আছিল। তিনিওটা গোচৰতে জামিন লাভ শ্বেৰমান আলীৰ।

চাৰ্জশ্বীট দাখিল কৰাত পলম হোৱাৰ বাবেই শ্বেৰমান আলীয়ে জামিন লাভ কৰে।

অৱশ্যে পূৰ্বে ২ টা গোচৰত জামিন লাভ কৰিছিল শ্বেৰমান আলীয়ে। আজি গীতানগৰ থানাৰ গোচৰত বিধায়ক জনে জামিন লাভ কৰে।

উল্লেখ্য যে অসম আন্দোলনৰ শ্বহীদক লৈ অপমান সূচক মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে।

তাৰ পাছতে সৰ্বত্তে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত গ্ৰেপ্তাৰ হৈছিল বিধায়কগৰাকী।