NORTHEAST NOW (Assamese)

বীৰুবালা ৰাভাক ডাইনী সজালে পৰিচালক আইমী বৰুৱাই! বিভ্ৰান্তিকৰ শিৰোনামেৰে মুক্তি দিলে তথ্যচিত্ৰ

August 20, 2024 11:12 am · এন ই নাও নিউজ

ডাইনী হত্যা আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন কাম কৰি যোৱা বীৰুৱালা ৰাভাক অপমান কৰিলে নেকি আইমী বৰুৱাই? শেহতীয়াকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত বীৰুৱালা ৰাভাৰ বিষয়ে নিৰ্মাণ কৰা এখন তথ্যচিত্ৰক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ।

উল্লেখ্য যে বীৰুৱালা ৰাভা সম্পৰ্কে আইমী বৰুৱাই নিৰ্মাণ কৰা তথ্যচিত্ৰ খনৰ নাম আছিল ‘Birubala : Witch to Padmashri’ ( বীৰুৱালা ৰাভা : ডাইনীৰ পৰা পদ্মশ্ৰীলৈ)। এতিয়া বীৰুৱালা ৰাভাৰ পৰিয়ালে এইক্ষেত্ৰত আইমী বৰুৱাৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। কিয়নো অৰ্থগতভাবে শিৰোনামটোৱে বীৰুৱালা ৰাভাক ‘ডাইনী’ হিচাপে নিক্ষেপ কৰিছে।

বীৰুৱালা ৰাভাৰ পুত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাই তথ্যচিত্ৰখনৰ শিৰোনামে তেওঁৰ মাতৃৰ বিষয়ে ভুল ধাৰণা দিয়া বুলি উল্লেখ কৰি অসন্তুষ্টি প্ৰকাশ কৰিছে।

উল্লেখ্য যে আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত এই তথ্যচিত্ৰখনে ১৬ আগষ্টত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অ-ফিচাৰ ফিল্ম শাখাত বিশেষ উল্লেখ লাভ কৰিছে।

এতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ এই মন্তব্যৰ পিছতে চৌদিশে সৃষ্টি হৈছে বিতৰ্কৰ। মুঠৰ ওপৰত বিতৰ্কই লগ নেৰা হৈছে আইমী বৰুৱাক।

Related News