কোকৰাঝাৰত চিআইটিৰ প্ৰথম সমাৱৰ্তনৰ সফল সামৰণি, শিক্ষাৰ্থীক সম্বৰ্ধনা

ঐতিহাসিক বিটিচি চুক্তি সম্পাদনাৰে বিগত ২০০৬ চনত স্থাপিত কোকৰাঝাৰ চহৰৰ বালাজানস্থিত  কেন্দ্ৰীয় কাৰিকৰী শিক্ষানুষ্ঠান চমুকৈ চি আই টিৰ প্ৰথম সমাৱৰ্তনখন আজি সফলতাৰে সামৰণি পৰে৷

এই উপলক্ষে আজি চিআইটিৰ প্ৰথম সমাৱৰ্তনৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত চি আই টি কোকৰাঝাৰে শিক্ষানুষ্ঠানটোত সফলতাৰে বিভিন্ন বিভাগত এম টেক সম্পন্ন কৰা ২৮ গৰাকী কৃতি শিক্ষাৰ্থীক প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে বি-টেক আৰু ডিপ্লোমা উত্তীৰ্ণ শিক্ষাৰ্থী সকলকো আৰনায় আৰু মান্যতা পত্ৰৰে বিদায় সম্ভাষন জনোৱা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে চিআইটি কোকৰাঝাৰৰ পঞ্জীয়ক চৈতালী ব্ৰহ্মই আঁত ধৰা সমাৱৰ্তন অনুষ্ঠানত গুৱাহাটী আই আই টিৰ সঞ্চালক তথা ভাৰপ্ৰাপ্ত অতিৰিক্তৰ দায়িত্বত থকা চিআইটি, কোকৰাঝাৰৰ সঞ্চালক টি জি সীতাৰাম উপস্থিত থাকে।

ইয়াৰ উপৰি মুখ্য অতিথি হিচাবে উপস্থিত থাকি শোভাবৰ্দ্ধন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই৷ বড়োই চিআইটিৰ প্ৰথম সমাৱৰ্তনৰ ঐতিহাসিক ক্ষণত উপস্থিতহৈ শিক্ষাৰ্থী সকলক অভিনন্দন যঁচাৰ উপৰি চিআইটি কোকৰাঝাৰক দেশৰ শিক্ষানুষ্ঠানৰ আগশাৰীত স্থান দিয়া হব বুলি আশ্বাস দিয়ে ৷

বড়োই চিআইটি কোকৰাঝাৰৰ আন্তঃগাঁথনিৰ কাম কাজ চলি থকাৰ কথা দোহাৰি ইয়াত নতুন নতুন বিষয় অন্তৰ্ভূক্তি কৰা হব বুলি কয়৷লগতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত চিআই টি কোকৰাঝাৰত আই আই টিৰ এটা কেম্পাচ স্থাপন কৰাৰ দাবী উত্থাপন কৰিব বুলি আশ্বাস দিয়ে ৷

সমাৱৰ্তনত সন্মানীয় অতিথি হিচাৱে  এ আই চি টি ইৰ অধ্যক্ষ প্ৰফেচৰ অনিল ডি সাহাশ্ৰাবুদ্ধ আৰু পদ্মশ্ৰী বটাঁপ্ৰাপ্ত ড°প্ৰহ্লাদ ৰামা ৰাও আৰু  পদ্মশ্ৰী ড° জিতেন্দ্ৰ নাথ গোষ্মামী , প্ৰফেচৰ হেমন্ত কলিতা  আৰু ফেকাল্টি সকল উপস্থিত থাকে ৷