যোৱা ২৮ জুন তাৰিখে মুক্তিপ্ৰাপ্ত কুকি এখন দ্বি-ভাষিক চিনেমা। মূলতঃ হিন্দী ভাষাত নিৰ্মিত এই ছবিখনৰ কাহিনী আৰু ইয়াৰ উপজীব্য জোনমণি দেৱী খাউণ্ডৰ। চিত্ৰনাট্য লিখাৰ লগতে ছবিখন পৰিচালনা কৰিছে প্ৰণৱ জ্যোতি ডেকাই। ধৰ্ষণৰ দৰে এক বৰ্বৰ অপৰাধৰ ঘটনাৰ ভুক্তভোগীক লৈ নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে জোনমণি দেৱী খাউণ্ডে। কুকি বৰ্তমানেও অসমৰ বিভিন্ন ছবিগৃহত চলি আছে।
চিনেমাৰ আৰম্ভণি হয় ভাওনাৰ দৃশ্যৰে। য’ত ষোড়শী কুকি আৰু তাইৰ বান্ধৱী ৰশ্মিয়ে একেলগে ভাওনা চাই থাকে। পুৱা টিউচনলৈ আহোতে-যাওতে বাটত দেখা সপ্তৰ্ষিৰ প্ৰতি থকা কুকিৰ দুৰ্বলতাক লৈ ৰশ্মিয়ে কুকিক জোকাই থাকে আৰু সোনকালে সপ্তৰ্ষিক মনৰ কথা খুলি ক’বলৈ কুটুৰি থাকে। লাহে লাহে সপ্তৰ্ষি আৰু কুকিৰ মাজত ইনষ্টাগ্ৰামতো যোগাযোগ হয় আৰু দুয়ো দুয়োৰে কাষ চাপিবলৈ আৰম্ভ কৰে। কাহিনীভাগ আৰম্ভণি পৰাই গতিশীল যদিও সামান্য মন্থৰ। অৱশ্যে এই মন্থৰতাৰ ফলত ছবিখন আমনিদায়ক হৈ উঠা নাই। ছন্দপতন ঘটাও নাই। অতি গতানুগতিকভাৱে কুকি(ৰিতিশা খাউণ্ড)আৰু সপ্তৰ্ষি(বুধিসত্ব শৰ্মা)ৰ প্ৰেম আগবাঢ়ে। ঠিক সকলোবোৰ সুকলমে চলি থকাৰ মাজতেই কুকিৰ জীৱনত সেই অঘটনটো ঘটে। দুৰ্ঘটনা অৰ্থাৎ দলবদ্ধ ধৰ্ষণৰ সেই ঘটনাৰ জিঘাংসা, বৰ্বৰতাৰ অমানুষিক দৃশ্যায়ন ইমানেই স্বাভাৱিকভাৱে কৰা হৈছে যে দেখিলে আপোনাৰো হৃদয় কঁপি উঠিব।
ধৰ্ষণৰ দৰে এটি পৈশাচিক অপৰাধৰ সংঘটিত হোৱাৰ পিছত, যদিহে জীয়াই থাকে ভুক্তভোগীগৰাকীৰ কি হয়? তেওঁ জীয়াই থাকিব পাৰে নে? শাৰিৰীকভাৱে যেনিবা সুস্থ হৈ উঠিলেই, মানসিকভাৱে সেই বৰ্বৰতাৰ পংকিলতাৰ পৰা মুক্ত হ’ব পাৰে নে? কি পৰ্যায়লৈ যাব পাৰে এগৰাকী ধৰ্ষিতা ষোড়শীৰ শাৰিৰীক-মানসিক অৱস্থা? কিদৰে কুকিয়ে এই সকলোৰে লগত যুঁজ দিয়ে তাৰেই ভিত্তিত ছবিখনৰ পৰৱৰ্তী অংশ আগবাঢ়ে। অৱশ্যে ইমান বৰ্বৰতাৰে ধৰ্ষণ হোৱা বুলি জনাৰ পিছত পিতৃ-মাতৃক আৰু অলপ ভাগি পৰা দেখুওৱাৰ থল আছিল।
কুকিৰ ধৰ্ষণৰ আগে আগে নাগাৰা নাম আৰু বিজুলী-ঢেৰেকনিৰ ব্যৱহাৰ প্ৰতীকীৰূপত অৰ্থৱহ। সেই দৃশ্যৰ পিছতে গীতৰ সমুচিত ব্যৱহাৰো উল্লেখনীয়। জ্ঞান গৌতমৰ চিনেমেট’গ্ৰাফীৰ কাম সমগ্ৰ ছবিখনতেই ভাল। অৱশ্যে মাজে মাজে একেটা দৃশ্যৰে পুনৰ অৱতাৰণা হৈছিল। যেনে হস্পিটেলৰ বিল্ডিঙৰ ওপৰৰ দৃশ্যক কেইবাবাৰো দেখুওৱাটো পৰিচালনা আৰু সম্পাদনাই ছবিখনৰ পৰা আতৰাই চলি আন দৃশ্যৰ অৱতাৰণাও কৰিব পাৰিলেহেঁতেন।
সমগ্ৰ ছবিখনতে আৱহ সংগীত আৰু গীতৰ ব্যৱহাৰ পৰিস্থিতি সাপেক্ষ। কুকি আৰু সপ্তৰ্ষিৰ প্ৰেমময় সময় যিদৰে আলফুলীয়া, ঠিক সেইদৰে কঠিন কুকিৰ ধৰ্ষণৰ পৰৱৰ্তী সময়ছোৱা। ভাৰতত এতিয়াও প্ৰতিদিনে ৮৬ টাকৈ ধৰ্ষণৰ ঘটনাৰ গোচৰ ৰেজিষ্টাৰ হয়। আৰু কত ঘটনা এন্ধাৰতেই ৰৈ যায়, তাৰ ঠিকনা নাই। সেইসকলৰ কায়িক-মানসিক স্বাস্থ্যৰ কি অৱস্থা হয়? যদিওবা কুকি ছবিখনত কুকি হয়তো প্ৰাপ্তবয়স্ক নোহোৱাৰ(POCSO act)বাবেই কুকিৰ গোচৰটোত অপৰাধীয়ে পৰ্যাপ্ত শাস্তি পোৱা দৰ্শাইছে, কিন্তু বাকী অগণন শিশু,কিশোৰী,নাৰী বা বৃদ্ধাৰ ক্ষেত্ৰত কি হয়? বিচাৰ প্ৰক্ৰিয়া একেই ক্ষীপ্ৰতাৰেও নহয় আৰু বহুক্ষেত্ৰত সমুচিতো নহয়। এনে বহু নাৰীৰ জীৱনৰ সঁচা দৃশ্যপট কুকি। কুকি ছবিখনত কুকিৰ ধৰ্ষণৰ পিছত তাইৰ মানসিক ৰোগগ্ৰস্ততাকো দৰ্শোৱা হৈছে, যিটো অতি স্বাভাৱিক আৰু যাক সাধাৰণতে আওকাণ কৰা যায়। মানসিক ৰোগৰ চিকিৎসা কিমান জৰুৰী তাৰো এক বাৰ্তা আছে কুকিত।
মুখ্য চৰিত্ৰত অৰ্থাৎ নামভূমিকাত ৰিতিশা খাউণ্ডৰ অভিনয় সম্পূৰ্ণ সহজ। একেদৰে বুধিসত্ব শৰ্মাৰ অভিনয়ো। আন আন চৰিত্ৰসমূহ যেনে ৰাজেশ টাইলাঙ, দ্বীপান্বিতা শৰ্মা আৰু বিভূতি ভূষণ হাজৰিকা, দেৱলীনা ভট্টাচাৰ্যি, মনোজ বৰকটকীৰ অভিনয়ো সম্পূৰ্ণ স্বাভাৱিক।
ছবিখনৰ দৈৰ্ঘ্য আৰু অলপ কম কৰিব পাৰিলেহেঁতেন যদিও ছবিখনৰ মূল উপজীব্য আৰু ঘটনাবহুল কাহিনীভাগে অন্তলৈকে আমনি নলগায়। অন্ত প্ৰত্যাশিত নহয় যদিও মানুহৰ চেতনাক জগাই তুলিব লগা আৰু পৰাবিধৰ।
ৰিমলী বৰকটকী
Mail- [email protected]