সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ সিদ্ধান্তত ক্ষুব্ধ; জাঙুৰ খাই উঠিল সমন্বয়ৰক্ষী সমিতি

IMG-20191025-WA0017

ফটো: নৰ্থইষ্ট নাও

গোৱালপাৰা জিলা সমবায়সমূহৰ সহকাৰী পঞ্জীয়কগৰাকীয়ে জিলাখনৰ পাঁচখনকৈ সমবায় সমিতিৰ নিৰ্বাচিত সমিতিক খাৰিজ কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইতিমধ্যে সহকাৰী পঞ্জীয়কৰ বিৰুদ্ধে জিলা সমবায় সমিতিসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে।

দেওবাৰে সমন্বয়ৰক্ষী সমিতিৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সহকাৰী পঞ্জীয়কৰ এই এক পক্ষীয় সিদ্ধান্তক তীব্ৰ ভাষাৰে বিৰোধিতা কৰে।

তেওঁ সহকাৰী পঞ্জীয়কে সমবায় সমিতিৰ সকলোবোৰ নিয়ম-আইনক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি নিজ ইচ্ছা আৰু খেয়াল-খুচিমতে এই নিৰ্দেশ প্ৰেৰণ কৰিছে বুলি মুকলিকৈ অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে জিলাখনৰ দৰংগিৰি, ধনুভাঙা, কৃষ্ণাই, বৰদামাল আৰু সিদাবাৰী সমবায় সমিতিকেইখনে বিগত বিত্তীয় বৰ্ষৰ হিচাপ-নিকাচ সম্পূৰ্ণ কৰি অনুষ্ঠিত কৰা বছৰেকীয়া সাধাৰণ সভাত অংশীদাৰ ৰাইজৰ উপস্থিতিৰ ওপৰত প্ৰশ্ন তুলি সহকাৰী পঞ্জীয়কে সংশ্লিষ্ট সমবায় সমিতিকেইখনৰ নিৰ্বাচিত সমিতিকেইখনক খাৰিজ কৰাৰ নিৰ্দেশ প্ৰেৰণ কৰিছিল।

ইপিনে সহকাৰী পঞ্জীয়কৰ অভিযোগক তীব্ৰভাৱে খণ্ডন কৰিছে সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ সেনে।

তেওঁ কয় যে, সংশ্লিষ্ট সমবায় সমিতিকেইখনে বিভাগীয় নিৰ্দেশ মৰ্মে সাধাৰণ সভা অনুষ্ঠিত কৰিছিল আৰু সভাৰ কাম এগৰাকী বিভাগীয় পৰ্যবেক্ষকৰ উপস্থিতিত সম্পন্ন কৰা হৈছিল।

তেনে ক্ষেত্ৰত সহকাৰী পঞ্জীয়কে সংশ্লিষ্ট সমবায় সমিতিকেইখনৰ নিৰ্বাঢিত সমিতিকেইখনক ভংগ কৰি এজনীয়া তদৰ্থ সমিতি গঠনৰ নিৰ্দেশ জাৰি কৰা কাৰ্যক মইমতালি বুলি আখ্যা দিয়ে সেনে।

সমন্বয় সমিতিখনে সহকাৰী পঞ্জীয়কগৰাকীক এনে অগণতান্ত্ৰিক কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই কয় যে অংশীদাৰ ৰাইজে ভোটেৰে নিৰ্বাচিত কৰা সমিতিৰ প্ৰতি সন্মান প্ৰৰ্দশন কৰা উচিত।

সমন্বয়ৰক্ষী সমিতিয়ে অতি শীঘ্ৰে সহকাৰী পঞ্জীয়কগৰাকীক সংশ্লিষ্ট সমবায় সমিতিকেইখনলৈ জাৰি কৰা নিৰ্দেশটোক উঠাই লবলৈ দাবী জনাইছে।

অন্যথা সমন্বয় সমিতিখনে আইনৰ আশ্ৰয় ল’বলৈ বাধ্য হব বুলি সকীয়াই দিয়।